উৎকট গৰমৰ মাজত পাঁচদিনলৈ অসম তথা উত্তৰ-পূবত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ…

কমিব গৰম! পাঁচদিনলৈ অসম তথা উত্তৰ-পূবত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ গৰম হয়তো কিছুদিনলৈ কমিব। তেনে ইংগিতেই দিলে ৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অহা ৫ দিনলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ সৈতে মজলীয়া বৰষুণ অহাৰ সম্ভৱনা আছে । তাৰ মাজতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমত আগন্তুক ৫ দিনৰ ভিতৰত কোনো কোনো দিনত ৩০/৪০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ লগতে ঠাই বিশেষে মজলীয়া আৰু ধাৰাসাৰ বৰষুণৰ সম্ভৱনা আছে ।সাগৰ পৃষ্ঠত পৰা উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত ধুমুহা আৰু বৰষুণৰ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে । এই আগজাননী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে দিছে ।

বতৰ বিজ্ঞানীৰ সতৰ্কবাণী অনুসৰি অহা ২৪ঘণ্টাৰ ভিতৰত অসম আৰু মেঘালয়ৰ কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে কিছু মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ঠিক তেনেদৰে ২৪ঘণ্টাৰ ভিতৰত অৰুণাচল প্ৰদেশ , নাগালেণ্ড , মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণ হ’ব ।অহা কাইলৈ অৰ্থাৎ ১৫ মে’ৰ দিনা অসম, মেঘালয়ৰ আৰু অৰুণাচলৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে কিছু পৰিমাণে মজলীয়া বৰষুণৰ হ’ব পাৰে । অৱশ্যে কাইলৈ অসমৰ সৰহভাগ ঠাইতে বৰষুণৰ বিশেষ সম্ভাৱনা নাই, দুই-এঠাতহে বৰষুণ হ’ব পাৰে।

তাৰ লগতে নাগালেণ্ড , মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । অহা ১৬ মে’ ৰ দিনা অসমৰ মেঘালয়ৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে মজলীয়া বৰষুণ হ’ব যদিও অৰুণাচল প্ৰদেশৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ উপৰি নাগালেণ্ডৰ কিছু কিছু ঠাইত ৩০/৪০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভৱনা আছে ।সাগৰ পৃষ্ঠত উৎপত্তি হোৱাৰ ধুমুহাৰ প্ৰভাৱত অহা ১৭ আৰু ১৮ মে’ ৰ দিনা অসম, মেঘালয় আৰু নাগালেণ্ডৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰে বৰষুণ হোৱাৰ লগতে ৩০/৪০ কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ সম্ভাৱনা আছে । তাৰ মজতেই ১৭ আৰু ১৮ মে’ ত ধুমুহা হোৱাৰ উপৰি কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।কাইলৈ গুৱাহাটীৰ তাপমাত্ৰ ৩৫/৩৬ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে । ফলত ৰ’দৰ প্ৰখৰ তাপে দহি যাব মহানগৰবাসীক ।

Related Articles