Breaking

উৎকট গৰমৰ আগজাননী দিলে বতৰ বিজ্ঞান বিভাগে…

0 11

ৰাজ্যত বিগত ২টা দিনত অধিক বৃদ্ধি পাইছে গৰমৰ মাত্ৰা । এই গৰমৰ পৰা সকলোৱে বিচাৰিছে পৰিত্ৰাণ ।উত্তৰ পুৱৰ অৰুণাচল,নাগালেণ্ড আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ বিপৰীতে আন ৰাজ্যসমুহত বৃদ্ধি হ’ব গৰমৰ প্ৰকোপ ।

ঝাৰখণ্ড , তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়ত অধিক তাপমাত্ৰা বৃদ্ধিৰ আশংকা ।গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি আহিবলগীয়া কেইদিনত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত জলবায়ু শুকান হোৱাৰো সম্ভাবনা ব্যক্ত কৰিছে।

সৰ্বাধিক তাপমাত্ৰা ৪০ৰ পৰা ৪৩ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি হোৱাৰ আশংকা । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুক্ৰবাৰে জাৰি কৰে এই এলাৰ্ট ।উৎকট গৰমৰ আগজাননীত কেইবাখনো ৰাজ্যলৈ হিটৱেভৰ সতৰ্কতা জাৰি ।

Leave A Reply