Breaking

‘অসমৰ মিঞাবোৰ পৃথিৱীৰ ভিতৰত জধামূৰ্খ’- শ্বেৰমান আলী

0 105

ব্ৰাহ্মণ সমাজৰ প্ৰতি তিৰ্যক মন্তব্য কৰা বিধায়ক শ্বেৰমান আলীৰ এইবাৰ লক্ষ্য মিঞা সম্প্ৰদায়। অসমৰ মিঞাবোৰ পৃথিৱীৰ ভিতৰত ৰাজনৈতিক ভাবে জধামূৰ্খ বুলি মন্তব্য কৰে কংগ্ৰেছ দলৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে।

চাহৰ দোকানত বহি আলোচনা কৰা মিঞা সকলে প্লোভন পাই নিৰ্বাচনৰ সময়ত আদৰ্শ দৰ্শন পাহৰি ভোট দান কৰে বুলিও তিৰ্যক মন্তব্য কৰে।

বিজেপি চৰকাৰখনে মিঞাসকলক যান্ত্ৰনা দিয়াৰ বাহিৰে একো কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰি অসমত এজনো বিদেশী নাই বুলি দাবী কৰে।

বিধায়ক আলীৰ মতে বিদেশী থাকিলে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ সৈতে বিদেশী প্ৰত্যাবৰ্তন চুক্তি কৰিলে হয় বুলিও দাবী কৰে। বাংলাদেশ এখন সৰু ৰাষ্ট্ৰ আৰু ভাৰতৰ কথা পেলাবলৈ সাহস নকৰে বুলিও উল্লেখ কৰে।

৬০ ৰ দশকতো ট্ৰাকে ট্ৰাকে মিঞা ভৰ্তি কৰি সীমান্তত এৰি দিছিল বুলি শ্বেৰমান আলীয়ে মন্তব্য কৰি ১৯৭৯ চনৰ আন্দোলনৰ লক্ষ্যও মুছলমান সকল আছিল বুলি কয়।

যাৰ বাবে হাজাৰ হাজাৰ মুছলমান লোকৰ মৃত্যু হোৱা বুলি মত প্ৰকাশ কৰে আলীয়ে। তেওঁ অসমৰ মিঞাখিনি ৰাজনৈতিক ভাবে জধামূৰ্খ আখ্যা দি এক প্ৰকাৰ মুছলমান লোক সকলক উচটনি দিয়া বুলি মন্তব্য কৰিছে বিভিন্ন মহলে।

Leave A Reply