Breaking

পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, আৰতিৰ উৰুলি তথা শিৱ বন্দনাৰে মুখৰিত মধ্য জামুগুৰি অঞ্চল

0 63

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মধ্য জামুগুৰি বুঢ়া নামঘৰৰ কাষতে প্ৰায় ৭০ বছৰৰ পূৰ্বে কেইজনমান ধাৰ্মিক লোকৰ একান্ত প্ৰচেষ্টাত নিৰ্মিত সাৰ্বজনীন শিৱ মন্দিৰ ভাগ সামাজিক তথা ধৰ্মীয় বাতাবৰণত কিছু সমস্যা হোৱাত মন্দিৰ ভাগ স্থানান্তৰিত কৰিব লগা হয়।

সেই উপলক্ষে সোমবাৰে পুৰুহিতৰ মন্ত্ৰ উচ্চাৰণ,আয়তীৰ উৰুলিৰে নৱনির্মিত মন্দিৰ ভাগ উদ্ধোধনৰ লগতে প্ৰতিষ্ঠা দিৱসটি অতি উলহমালহেৰে উদযাপন কৰা হয়।

তদুপলক্ষে পুৱা প্ৰভাত ফেৰী তথা ধৰ্মীয় জাগৰণ কাৰ্যসূচী সম্পন্ন হোবাৰ পাছতে ৮বজাত কীৰ্ত্তন পাঠ আৰু নাম প্ৰসংগ,৮-৩০ বজাত আইমাতৃ সকলৰ দ্বাৰা তিনি ঘটৰ পানী তুলি লিংগ স্নান, ৯ বজাত স্থানীয় গায়ন-বায়ন সকলৰ সহযোগত নতুন মন্দিৰত লিংগ প্ৰতিষ্ঠা, ১১বজাত বন্তি প্ৰজ্বলন আৰু যজ্ঞ আৰম্ভ হয়।

তাৰপিছতে সেৱকী সকলৰ পূজা সেৱা অনুষ্ঠান সম্পন্ন হোবাৰ লগে লগে দুপৰীয়া ভোগ আপ্যায়ন, বিয়লি আই সকলৰ মহানাম, সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে নিশা লৈ নতুন মন্দিৰত শিৱ গীতা পাঠ অনুষ্ঠিত হোৱাৰ লগতে লোকগীতৰ অনুষ্ঠান অনুষ্ঠিত হয়।

এই মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত মূল পুৰোহিত হিছাপে উপস্থিত থাকে তোষেশ্বৰ দেৱ শৰ্মা,তন্ত্ৰধাৰক হিছাপে ভাস্কৰ কটকী আৰু পৰিচাৰক হিছাপে হৰেণ শৰ্মা উপস্থিত থাকি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে হোমযজ্ঞ আদি সম্পন্ন কৰা হয়।

অনুষ্ঠানত গায়ন বায়ন সকল ক্ৰমে হেমকান্ত নাথ,মহিধৰ নাথ,ৰুহীত নাথ,লীলাধৰ নাথ,প্ৰবোধ নাথ, অৱসৰ প্ৰাপ্ত শিক্ষক ৰাসেশ্বৰ নাথ, দেৱেন নাথ,দিনেশ নাথ উৎসৱ উদযাপন সমিতিৰ সভাপতি পীতাম্বৰ নাথ আৰু সম্পাদক ভূপেন নাথ সহ সম্পাদক ঘনকান্ত নাথ,পুজাৰী পূৰ্ণকান্ত নাথ,নৰেন্দ্ৰ নাথৰ লগতে অঞ্চলৰ প্ৰায় তিনি শতাধিক গোপীনি যুৱক যুৱতী ভক্ত প্ৰাণ ৰাইজ উপস্থিত থাকে৷

Leave A Reply