ভাৰতৰ আটাইতকৈ শিক্ষিত ৰাজ্য কেৰালাৰ পৰাই বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ প্ৰব্ৰজন…

কেৰালৰ পৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰব্ৰজনৰ যথেষ্ট বৃদ্ধি হৈছে। ক’ভিড-১৯ মহামাৰীৰ পিছত কেৰালাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাহিৰলৈ গমনৰ প্ৰৱণতা বৃদ্ধি পাইছে।এয়া কিয় হৈছে সেই বিষয়ে কোনেও একো মত দিব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন আৰু উন্নয়ন প্ৰতিষ্ঠান (IIMAD)-থিৰুৱনন্তপুৰমৰ দ্বাৰা কেএমএছ-২০২৩ৰ প্ৰতিবেদন অনুসৰি যোৱা পাঁচ বছৰত আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ মাত্ৰা বৃদ্ধি হৈছে। আকপ্ৰিবেদন অনুসৰি বিশ্বব্যাপী মালয়ালী প্ৰব্ৰজনকাৰীসকলৰ সংখ্যা ৫০ লাখ বুলি অনুমান কৰা হৈছে, আনহাতে কেৰেলাৰ বাহিৰত ভাৰতৰ ভিতৰত মালয়ালী প্ৰব্ৰজনকাৰীসকলৰ সংখ্যা হৈছে যদিও ২০২৩ চনত ৩২,৩৮৮গৰাকী।

২০১৮ চনৰ তুলনাত কেৰালাৰ ১৪খন জিলাৰ ভিতৰত ৯খন জিলাত প্ৰব্ৰজনকাৰীৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল। কিন্তু সেয়া এতিয়া আকৌ বাঢ়িবলৈ লৈছে। ছাত্ৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত কেৰালাৰ পৰা প্ৰব্ৰজনকাৰী সংখ্যা অধিক। প্ৰতিবেদন অনুসৰি ২০১৬ চনত চনত মহিলা প্ৰব্ৰজনকাৰীৰ অনুপাত ১৫.৮ শতাংশৰ পৰা ২০২৩ চনত ১৯.১ শতাংশলৈ বৃদ্ধি পাইছে। ভাৰতত উচ্চ শিক্ষাৰ সুবিধা থকাৰ পিছতো কেৰালাৰ শিক্ষাৰ্থীয়ে কিয় এনেদৰে বিদেশ মুখী হৈছে সেয়া নিঃসন্দেহে চিন্তাৰ বিষয়।

Related Articles