Breaking

প্ৰতিক্ষা বৰুৱালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান…

0 104

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি) ৰ পৰা প্ৰতিক্ষা বৰুৱালৈ থিয়েটাৰ (অভিনয়)ৰ বাবে ২০২১-২০২২ বৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰত শিশু শিল্পী বৃত্তিৰ (সাংস্কৃতিক প্ৰতিভা বৃত্তি আঁচনি) বাবে মনোনীত হৈছে।

প্ৰতিক্ষা বৰুৱাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত তথা নাট্যকাৰ- পৰিচালক সীমান্ত শৰ্মাৰ অধীনত প্ৰশিক্ষণ লৈ আছে।

প্ৰতিক্ষা বৰুৱা গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আৰু সুৰজিৎ একাডেমীত দুবছৰীয়া অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণো লৈ আছে। প্ৰতিক্ষা বৰুৱাই সীমান্ত শৰ্মাৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন নাটত অভিনয় কৰিছে আৰু সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰিছে । প্ৰতিক্ষা বৰুৱা জালুকবাৰীৰ প্ৰাগজ্যোতিষ নগৰৰ চন্দন বৰুৱা আৰু পূৰবী বৰুৱাৰ জীয়ৰী।

Leave A Reply