Breaking

নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰাধক্ষ্য জ্ঞানপাল মহাথেৰৰ ওপজা দিন উদযাপন: জুৰী বৰা বৰগোহাঞিলৈ নামফাকে সাহিত্য বঁটা ২০২৩ প্ৰদান

0 286

‘বহুধাবিভক্ত সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাই মুক্ত আৰু স্বতন্ত্ৰ লেখকৰ বাবে শংকা কঢ়িয়াই আনিছে। ইয়াৰ মাজতে যদি মই প্ৰান্তীয় আৰু প্ৰকৃতি নিৰ্ভৰশীল ব্যক্তি সকলৰ প্ৰতি কিবা এটা কৰি থৈ যাব পাৰো এইয়াই হ’ব মোৰ জীৱনৰ সাৰ্থকতা’- নামফাকে সাহিত্য বঁটা ২০২৩ লাভ কৰি এই মন্তব্য বিশিষ্ট লেখিকা জুৰি বৰা ৰগোহাঞিৰ।

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চিৰচপলা বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত বৌদ্ধ ধৰ্মাৱলম্বী টাই ফাকে লোকৰ গাঁও হল নামফাকে। সেই গাঁৱৰ মূল আকৰ্ষণৰ কেন্দ্ৰ বৌদ্ধ বিহাৰৰ ধৰ্মগুৰু তথা বিশিষ্ট ধৰ্মীয় ব্যক্তি ভদন্ত শ্ৰীমৎ জ্ঞানপাল মহাথেৰৰ আজি ৬৯ সংখ্যক ওপজা দিন।

গুৰুজনাৰ জন্মদিন উপলক্ষে আজি পুৱাৰে পৰা উদুলি মুদুলি হৈ পৰে বৌদ্ধ বিহাৰ প্ৰাঙ্গন। নিজৰ প্রিয় গুৰুজনক ওপজা দিনৰ ওলগ যচাৰ লগতে তেওঁৰ পৰা আশীষ গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে আজি বিহাৰত ভিৰ কৰেহি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধ ধৰ্মৰ লগতে অন্যান্য ধৰ্মাৱলম্বী সহস্ৰাধিক অনুৰাগীয়ে। আনহাতে বৃহস্পতিবাৰে বিয়লি তেওঁৰ ওপজা দিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় “প্ৰশান্তি বন্ধন” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ।

উল্লেখযোগ্য যে বিগত ১২ বছৰে অনুষ্ঠিত কৰি অহা এই অনুষ্ঠানত সাহিত্য, সাংবাদিকতা, সমাজসেৱা, পৰ্যটন আদি বিষয়ত বিশেষ অৱদান আগবঢ়াই অহা ব্যক্তিসকলক “নামফাকে সাহিত্য বঁটা”ৰে সন্মান প্ৰদান কৰা হয়। এইবছৰ এই বঁটাৰে বিভূষিত কৰা হয় বিশিষ্ট সাহিত্যিক জুৰী বৰা বৰগোহাঞিক ।

এই বঁটাত আছে সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ, স্মাৰক পত্ৰ আৰু বুদ্ধৰ মূৰ্তি। বিশিষ্ট গৱেষক পেইম থি গোহাঁই, কবি মিন্টু সোনোৱালে আঁত ধৰা তথা নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ, বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক চাই এক্য গোঁহাই, শিক্ষাবিদ তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকৰ্মী আই জেণ্ডা গোঁহাই বিশিষ্ট নিবন্ধকাৰ, জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়া আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰা একেটা অনুষ্ঠানতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু বিশিষ্ট সংগীত শিল্পী অনুপম শইকীয়াক বিশেষভাৱে সন্মান প্ৰদান কৰা হয়।

আনহাতে অনুষ্ঠানৰ শেষত কণ্ঠশিল্পী অনুপম শইকীয়া, পলাশ জ্যোতি ফুকনে গীত পৰিৱেশন কৰাৰ লগতে চাই এক্য গোঁহাই, প্ৰদীপ গগৈ আদিকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও কবিয়ে কবিতা পাঠ কৰে।

Leave A Reply