Breaking

কইনাধাৰা হত্যাকাণ্ডৰ নতুন মোৰ, পাৰিবাৰিক কন্দলেই কাল নমালে নেকি অঞ্জনৰ…

0 53

ফুট গধূলিতে মহানগৰীৰ কইনাধৰাত সংঘটিত হত্যাকাণ্ডই লৈছে নতুন মোৰ। আৰক্ষীৰ তদন্ত পোহৰলৈ অহা মতে মৃত অঞ্জন নাথৰ ঘৰ বশিষ্ঠৰ লটাকটাত । ১১ দিন পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল যদিও এই বিবাহ পৰিয়ালে মানি লোৱা নাছিল। আনহাতে অঞ্জন পত্নী গৰাকীৰ আছিল তৃতীয় স্বামী।মহিলা গৰাকীৰ প্ৰথমা স্বামী আছিল মনিপুৰৰ আৰু দ্বিতীয় স্বামীৰ ঘৰ আছিল শিলচৰত।

বিবাহ বিচ্ছেদ নকৰাকৈ অঞ্জন নাথৰ সৈতে পুনৰ বাৰ বিবাহ পাশত আবদ্ধ হোৱা সময়ত আছিল এটি কন্যা সন্তানো। স্থানীয় ৰাইজে পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। কালি সংঘটিত ঘটনাৰ সময়ত অঞ্জন নাথে পত্নীৰ ঘৰত আছিল। অবশ্যে আৰক্ষীৰ তদন্তত সমষ্ট ঘটনা পোহৰলৈ আহিব। অবশ্যে ঘটনাটোৱে একাংশ ব্যক্তিয়ে বৈধ-অবৈধ মৰণাস্ত্ৰ লৈ মহানগৰীত মুকলিকৈ ঘূৰি থকা কাৰ্য পোহৰলৈ অহাৰ সমান্তৰাল কৈ আৰক্ষীৰ তলাচীত থকা সুৰুঙাও পোহৰলৈ অহা বুলি সৰ্বসাধাৰণ ৰাইজে মত প্ৰকাশ কৰে।

Leave A Reply