Breaking

মনিপুৰ কাণ্ডৰ নতুন মোৰ। কুকি সকল বাৰ্মাৰ প্ৰব্ৰজিত শৰনাৰ্থী !

0 47

মনিপুৰৰ কুকি সম্প্ৰদায়ৰ লোক সকল প্ৰকৃত ভাৰতীয় নাগৰিক হয় নে নহয় বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰাত সমগ্ৰ বিষয়টোৱে নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। তথ্যমতে ১৯৬৮ চনৰ ৬ জুনত তদনান্তীন জিলা উপায়ুক্তই চৰকাৰক কুকি সকল বাৰ্মাৰ পৰা প্ৰব্ৰজিত শৰনাৰ্থী বুলি উল্লেখ কৰি এক পত্ৰ যোগ ( নং বি-আৰ/৬৭/ ডিচি/৩১৪-৬ তাং ৬ জুন ১৯৬৮) অবগত কৰিছিল। কিন্তু বিগত ৫৫ টা বছৰ শৰণাৰ্থী সকলৰ সমস্যা সমাধানত কেন্দ্ৰ তথা মনিপুৰৰ কোনো এখন চৰকাৰেই সমস্যাটোৰ সমাধানত ন্যুনতম গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল। বছৰ বছৰ ধৰি শৰণাৰ্থীৰ সমস্যা জীয়াই ৰখাৰ পৰিণতিত প্ৰকৃত ভাৰতীয় মেইটেই সকল অস্তিত্বৰ সংকটত ভোগাৰ অভিযোগ উত্থাপিত হৈছে।

মনিপুৰৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ মেইটেই সকলে জাতিটোৰ লগতে সাহিত্য, সাংস্কৃতিককে ধৰি সকলো দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। শেহতীয়াকৈ ৰাজ্যখনক অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়াত ৰাজনৈতিক দল সমূহৰ লগতে চৰকাৰ সমূহ দায়ী বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে অসমতো শৰণাৰ্থীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে যদিও একাংশ ৰাজনৈতিক দলে শৰণাৰ্থী সকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ দীৰ্ঘদিনৰ। উল্লেখ্য যে শেহতীয়াকৈ কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক গনধৰ্ষন কৰি নগ্ন কৰি ৰাজপথত সমদল কৰাৰ ঘটনাই দেশে বিদেশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনকি বৰ্তমান সংসদৰ অধিবেশন চলি থকা সময়ত বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ দাবী কৰি সদন অচল কৰি ৰাখিছে।

আনকি শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে বিৰোধী দলসমূহে। শৰণাৰ্থীৰ সমস্যা জীয়াই ৰখা একাংশ ৰাজনৈতিক দলে ভোটবেংকৰ ৰাজনীতি পৰিহাৰ নকৰিলে মনিপুৰৰ দৰে ঘটনাৰ পুনৰাবৃত্তি চলি থাকিব বুলি ৰাজনৈতিক মহলে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Leave A Reply