Breaking

বৰচিলা কণপাই বৰদলৈ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভা…

0 16

মৰিগাঁও জিলাৰ বৰচিলাৰ কনপাই বৰদলৈ মহাবিদ্যালয় আৰু বৰচিলা কনপাই বৰদলৈ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভাখন দেওবাৰে দিন জোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। অঞ্চলটোৰ বিশিষ্ট সমাজ সেৱিকা জানকী হীৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত শিলপুখুৰী মৌজাৰ বিশিষ্ট সমাজ কৰ্মী তথা কনপাই বৰদলৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক ৰমেশ চন্দ্ৰ বৰদলৈ উপস্থিত থাকি সকলো ছাত্ৰ ছাত্ৰীক ভালদৰে লিখা পঢ়া কৰি সু-খ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিযোগিতাৰ যুগত ফেৰ মাৰিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজন আছে বুলি তেওঁৰ ভাষণত কয়।

দেওবাৰে এই নৱাগত আদৰণি সভা খনত তিৱা স্বায়ত্ব পৰিষদৰ সদস্য তথা সমাজকৰ্মী চম্পেশ্বৰ বৰদলৈ আৰু সমাজকৰ্মী মতিৰাম বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। মুকলি সভাখনত পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণকান্ত বৰদলৈ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যাকৰি সভাপতি জালাল উদ্দিন আহমেদ, উপ-সভাপতি আবুল হুছেইন, প্ৰবক্তা হেমন্ত খাঠনিয়াৰ, আছফিয়াচুলতানা,ৰহমত উল্লাহ আৰু মজিবুৰ ৰহমান উপস্থিত আছিল। মুকলি সভাৰ পিছতেই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়।

Leave A Reply