Breaking

লেখাপানীত হাতী খেদিবলৈ গৈ মোমায়েকে সাজি থোৱা বিদ্যুতৰ ফান্দত লাগি ভাগিনীয়েকৰ মৃত্যু

0 134

লিডু

তিনিচুকীয়া জিলাৰ লেখাপানীত বনৰীয়া হাতী খেদিবলৈ গৈ মোমায়েক সজা বিদ্যুতৰ ফাণ্ডত লাগি ভাগিনীয়েকৰ মৃত্যু। উল্লেখ্য যে প্ৰায় এমাহ ধৰি জাগুন তথা লেখাপানী অঞ্চলত নিতৌ দিনে নিশাই সমানেই বন্যহস্তিৰ মুক্ত বিচৰণত আতঙ্কিত হৈ অনিশ্চয়তাৰ জীৱন অতিবাহিত কৰিব লগীয়ত পৰিছে অঞ্চলবাসী। বন্যহস্তিয়ে নিতৌ আক্ৰমণৰ লক্ষ্য কৰি লৈছে মানুহৰ বাসগৃহ। এই পৰ্যন্ত বনৰীয়া হাতীয়ে এই অঞ্চলত কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰি যোৱা ১৫ এপ্ৰিলৰ দিনা দল বাহাদুৰ তামাং নামৰ এজন ৭০ বছৰীয়া ব্যক্তিৰ প্ৰাণ লৈছিল। জানিব পৰা মতে উক্ত অঞ্চলত মঙলবাৰে পিছ নিশা দুটা বনৰীয়া হাতী কথা বনাঞ্চলৰ পৰা ওলাই আহি ৩ নং উদয়পুৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আছিল। হাতী ওলোৱাৰ সম্ভেদ পায় উক্ত অঞ্চলৰে কথা পাখা গাঁৱৰ চন্দ্ৰ বাহাদুৰ  মাঝি নামৰ ব্যক্তিজনে হাতী খেদিবলৈ গৈ মোমায়েক সজা বিদ্যুতৰ ফাণ্ডত লাগি মৃত্যু মুখত পৰে। দীৰ্ঘদিনিয়া হাতীৰ সন্ত্ৰাস আৰু হাতীৰ আক্ৰমণ ৰুধিবলৈ মোমায়েক গুপ্ত মাঝিয়ে নিজৰ পথাৰত বিদ্যুতৰ ফান্দ সাজি থৈছিল বুলি গোপনীয় সূত্ৰে জানিব পৰা গৈছে। ফলত নিশা হাতী খেদিবলৈ গৈ ভাগিন চন্দ্ৰ বাহাদুৰ মাঝি বিদ্যুতৰ তাঁৰত লাগি অকাল মৃত্যুক সাৱটি ল’ব লগা হ’ল। সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল মোমায়েক গুপ্ত মাঝিয়ে। কিন্তু মৃতদেহৰ গাত থকা স্পষ্ট দাগৰ পৰা অনুমান কৰিব পাৰি যে চন্দ্ৰ বাহাদুৰ মাঝি বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু ঘটে। উল্লেখ্য যে সাংবাদিকৰ তৎপৰতাত এই ঘটনা পোহৰলৈ আহে যদিও পৰিয়ালৰ লোক মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে। শেষত ঘটনা স্থলীত লেখাপানী আৰক্ষী উপস্থিত হৈ এই ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে  মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মন কৰিব লগা যে পৰিয়ালৰ লোকে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰথমে অমান্তি হৈছিল যদিও আইনৰ মেৰপাকত পৰি পাছত সন্মতি প্ৰদান কৰিবলৈ বাধ্য হয়।

Leave A Reply