Breaking

৪,৫,৬ আৰু ৭ ফ্ৰেব্ৰুৱাৰীত কাৰেং চাপৰিত অনুষ্ঠিত হ’ব নৱম বাৰ্ষিক ‘মিচিং যুৱ মহোৎসৱ’ প্ৰস্তুতি তুংগত…

0 48

 অহা ৪,৫,৬ আৰু ৭ ফেব্ৰুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হ’ব নৱম বাৰ্ষিক ‘মিচিং যুৱ মহোৎসৱ’। বগীবিল দলঙৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ সুন্দৰ বালিময় চাপৰিৰ নৈসৰ্গিক পৰিবেশত আয়োজিত মিচিং যুৱ মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সংস্কৃতি চহকী মিছিং সকলৰ ক’লা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লগতে জীৱন জীৱিকাৰ উত্তৰণৰ মহৎ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই বিশাল মহোৎসৱ। মহোৎসৱৰ প্ৰস্তুতি দিনে নিশাই ব্যস্ত হৈ পৰিছে হেজাৰোধিক টিএমপিকে কৰ্মী।

ৰাইজে দিয়া বাঁহ কাঠেৰে নিৰ্মাণ কৰা হৈছে দৃষ্টিনন্দন তোৰণ, মঞ্চ,শিবিৰ,বিশাল প্ৰেক্ষাগৃহ, বাঁহৰ দলঙৰ পৰা আটকধুনীয়া ছেল্পী ফয়েন্ট লৈকে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মহোৎসৱত অনুষ্ঠিত হ’ব মিছিং সকলৰ বিভিন্ন গীত নৃত্য,বাদ্যৰ লগতে পৰম্পৰাগত খেলা ধূলাৰ প্ৰতিযোগিতা। জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীত দলৰ অনুষ্ঠানেৰে উত্তাল হৈ ৰ’ব প্ৰতিটো নিশা। প্ৰদৰ্শিত হ’ব মিছিং চহা জনজীৱন আৰু জীৱিকাৰ সৈতে জৰিত বিভিন্ন বাদ্য যন্ত্ৰৰ লগতে কৃষি সজুঁলি। অনুষ্ঠিত হ’ব ৰং বিৰঙি জনগোষ্ঠীয় সাজ পোছাকৰ প্ৰদৰ্শনী। 

কৃষিনিৰ্ভৰ ৰাইজৰ জীৱন আৰু জীৱিকাৰ দিশৰ প্ৰতি নজৰ ৰাখি অনুষ্ঠিত হ’ব কেইবালানিও মনোজ্ঞ আলোচনাচক্ৰ। ভাগ ল’ব বহু বৰেণ্য শিক্ষাবিদ,সমাজ কৰ্মী,আদৰ্শ কৃষক আৰু বুদ্ধিজীৱীয়ে। মহোৎসৱত দুই লক্ষাধিক লোকৰ সমাগম প্ৰত্যাশা ৰাখিছে আয়োজক সমিতিয়ে। ইতিমধ্যে দহ হেজাৰ প্ৰতিনিধিয়ে অনলাইন যোগে  অনুষ্ঠানত ভাগ ল’বলৈ যোগাযোগ কৰিছে।

৭ ফ্ৰেব্ৰুৱাৰীৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,শিক্ষা মন্ত্ৰীৰ ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, নৱ দলে, ভুৱন গামৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়ক সমন্বিতে ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বক মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছে। লক্ষণীয় যে কাৰ্য্যসূচী ১ ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশেষকাৰণত অহা ৪,৫,৬ আৰু ৭ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে বুলি আজি আয়োজক সমিতি তথা টিএমপিকেৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক ছান পাংগিঙে এক সংবাদ মেলৰ আয়োজন কৰি জানিব দিছে। বিশাল মহোৎসৱত সকলোকো ৰাইজে অংশ গ্ৰহণ কৰিবলৈ গোহাৰি জনাইছে আয়োজক সমিতিয়ে।

Leave A Reply