Breaking

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা ৭ নম্বৰ পকী দলং খন মুকলি হোৱা পথত। দ্বিতীয় খন কলীয়া ভোমোৰা দলঙ…

0 4,747

ৰাজ্যত ব্ৰহ্মপুত্ৰৰ নদী (Brahmaputra River)ৰ ওপৰত মুঠ 7 খন দলং নিৰ্মাণ কৰা হৈছে ৷
ইয়াৰ ভিতৰত 7 নং দলংখন হৈছে কলীয়া ভোমোৰা (Kolia Bhomora)ৰ দ্বিতীয়খন দলং অৰ্থাৎ ভোমোৰাগুৰি দলং (Bhomoraguri Bridge)৷কলীয়া ভোমোৰাগুৰিত বৰ্তমান এই দলংখনৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে ।
এই দলং খন নিৰ্মাণৰ দায়িত্ব থকা গেমন ইণ্ডিয়া লিমিটেড (Gammon India Ltd) আৰু SP singla Constructions Pvt Ltd
নামৰ দুটা পথ নিৰ্মাণ কোম্পানীৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী (National Highway Authority)ৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে দলংখন।এই দলংখনৰ প্ৰায় 99 শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ শোণিতপুৰ জিলা আৰু নগাঁও জিলা মাজত থকা এটা কলীয়া ভোমোৰা সেঁতুৰ সমান্তৰালকৈ নিৰ্মাণ হোৱা এইখন দলঙৰ নিৰ্মাণে বিশেষ গুৰুত্ব লাভ কৰিছে৷কাৰণ দ্বিতীয় খন কলীয়া ভোমোৰা পকী দলং।উল্লেখযোগ্য যে প্ৰথম খন কলীয়া ভোমোৰা দলং খন ১৯৭৮ চনত আধাৰশিলা স্থাপন কৰিছিল প্ৰায়ত তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজু দেশায়ে । ইফালে এই দলং খন বাবে ব্যয় হৈছিল ৮৯ কোটি টকা প্ৰায় ৯ বছৰ পিছত প্ৰথম খন পকী দলং ১৯৮৭ চন প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে উদ্বোধন কৰিছিল।
এই দলংখনৰ দৈৰ্ঘ্য ৩.৩ কিলোমিটাৰ আছিল।আনহাতে নতুনকৈ নিৰ্মাণ হৈ থকা কলীয়া ভোমোৰা দ্বিতীয় খন পকী দলংৰ দৈৰ্ঘ্য প্ৰায় ৩,৪ কিলোমিটাৰ ইয়াৰ বাবে চৰকাৰে ব্যয় কৰিছে ৫৮৮.৯৫ কোটি টকা।


২০১৪ চনত নিবিদা হোৱা দলং খন ২০১৫ চনত আধাৰশিলা স্থাপন কৰা হয়।২৭ টা পকী খুঁটা থকা এই দ্বিতীয় পকী দলং খন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৭ বছৰ লাগিল যদিও দুটা বছৰ কভিড-১৯ বাবে কিছু পলম হ’ল বুলি উল্লেখ কৰে দলং নিৰ্মাণ সংস্থাই।ইফালে এই দলং খন অহা ১৫ আগষ্ট মুকলি হোৱা কথা চলি আছে যদিও দলং খনৰ নিৰ্মাণ কাৰ্য দায়িত্ব থকা সংস্থা দুটালৈ বৰ্তমানলৈকে চৰকাৰী ভাৱে কোনো নিৰ্দেশনা অহা নাই বুলি জানিবলৈ দিয়ে।

ডি বি লাইফ তেজপুৰ পৰা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন

Leave A Reply