Breaking

দেশত পুনৰ কোভিডৰ সংহাৰী ৰূপ ধাৰণ, সক্ৰিয় ৰোগীৰ সংখ্যা ৪১৭০ ৰ ঘৰ, ২৪ ঘণ্টাত তিনিজনৰ মৃত্যু…

0 23

শীতৰ লগে লগে দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিডে। কোভিডৰ নতুন প্ৰজাতি জেএন.১ত এতিয়ালৈকে কেইবাজনো লোক আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত মুঠ ১১৬ গৰাকী লোক কোভিডত সংক্ৰমিত হৈছে। এই সময়ছোৱাত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ তিনিজন লোকৰ মৃত্যু হৈছে। একে সময়তে ২৬ ডিচেম্বৰৰ পুৱা ৮ বজালৈকে দেশত মুঠ ৪১৭০গৰাকী কোভিড আক্ৰান্ত লোক থকাৰ কথা পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত ২৯৩ গৰাকী লোক কোভিডৰ পৰা মুক্ত হৈছে। কেৰালাত সৰ্বাধিক সংখ্যক লোক এতিয়ালৈকে সংক্ৰমিত হৈছে। ডিচেম্বৰ মাহত তীব্ৰ ঠাণ্ডাৰ লগতে কৰোনাৰ নতুন সংহাৰে ত্ৰাসৰ সৃষ্টি কৰিছে।একেৰাহে চাৰি বছৰ ধৰি কোভিড-১৯-ৰ প্ৰাদুৰ্ভাৱ শীতকালত অধিক হৈ আহিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত সৰ্বাধিক সংখ্যক কোভিড ৰোগী কৰ্ণাটকত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ৰাজ্যখনত ২৪ ঘণ্টাত মুঠ ৯২ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। কৰ্ণাটকত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ৪৯৬ লৈ বৃদ্ধি হৈছে। মহাৰাষ্ট্ৰত কৰোনাৰ ১৫ টা সক্ৰিয় ঘটনা নতুনকৈ ধৰা পৰিছে। তেলেংগানাত ৯ টা। উত্তৰ প্ৰদেশত এতিয়ালৈকে মুঠ কোভিড ৰোগীৰ সংখ্যা ১৬ হৈছে। যোৱা ২৪ ঘণ্টাত এজন লোক আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত ৰাজধানী দিল্লীততিনি জন লোক আক্ৰান্ত হৈছে। দিল্লীত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ৩২ লৈ বৃদ্ধি হৈছে।

কেন্দ্ৰীয় চৰকাৰ কোভিডৰ নতুন প্ৰকাৰৰ বিষয়ে সম্পূৰ্ণ সতৰ্ক হৈ পৰিছে। একে সময়তে, কৰ্ণাটক, পঞ্জাৱকে ধৰি বহু ৰাজ্য চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে। পঞ্জাৱৰ ভগৱত মান চৰকাৰে অমৃতসৰত প্ৰথম ঘটনাটো ধৰা পৰাৰ পিছত মানুহক মাস্ক পিন্ধিবলৈ আৰু জনবহুল অঞ্চললৈ নাযাবলৈ আহ্বান জনাইছে। কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী দিনেশ গুণ্ডু ৰাৱে ২৬ ডিচেম্বৰত কোভিদ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰে। তেওঁ লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য চীনৰ এই ৰহস্যজনক ৰোগে পুনৰবাৰ উত্তেজনাত পেলাইছে বিশ্ববাসীক। কিছুদিনৰ পৰা চীনত শিশুৰ নিউমোনিয়াৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাও তৎপৰ হৈ পৰিছে। ক্ৰমাৎ চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। প্ৰথম কথা, চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কয় যে এই ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পাইছে। খবৰ অনুসৰি, এই ৰোগৰ সংক্ৰমণে প্ৰধানত শিশুসকলক আক্ৰান্ত কৰিছে। ইয়াৰ ফলত আক্ৰান্ত শিশুৱে তীব্ৰ জ্বৰ আৰু হাওঁফাওঁৰ সংক্ৰমণত ভুগিছে। অৱশ্যে তেওঁলোকৰ শৰীৰত কাঁহৰ দৰে আন শ্বাস-প্ৰশ্বাসজনিত লক্ষণ দেখিবলৈ পোৱা নাই। চীনৰ উত্তৰ-পূব অঞ্চলৰ দুটা প্ৰধান কেন্দ্ৰ বেইজিং আৰু লিয়াওনিঙত এই সংক্ৰমণ বিয়পি পৰিছে। বেইজিঙৰ এখন চিকিৎসালয়ে প্ৰতিদিনে গড়ে প্ৰায় ১২০০ ৰোগীক তেওঁলোকৰ জৰুৰীকালীন অৱস্থাত ভৰ্তি কৰা বুলি প্ৰকাশ কৰিছে।

Leave A Reply