Breaking

ওদালগুৰি জিলাত ক’ভিড মহামাৰীৰ পিছত ‘দৈনন্দিন বাৰ্তা’ কাকতৰ পাঠকৰ আশাব্যঞ্জক সহাৰি

0 86

ওদালগুৰি জিলাত কভিড মহামাৰীৰ পিছত দৈনন্দিন বাৰ্তা কাকতৰ পাঠকৰ সংখ্যা বৃদ্ধি পাইছে।
বৌদ্ধিক আন্দোলনেৰে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ প্ৰয়াস ‘ মত বিনিময় অনুষ্ঠানত এই মন্তব্য প্ৰকাশ স্থানীয় সংবাদদাতাই।দৈনন্দিন বাৰ্তা গোষ্ঠীৰ কাকত সমূহ দালগুৰি জিলা গাঁৱে-ভূঁৱে চহৰে-নগৰে ৰাইজে আকোঁৱালি ল’বলৈ ওদালগুৰি জিলা সমিতি গঠন-


অসমৰ সংবাদ জগতত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ১৩ বছৰ গৰকা দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে ৰাইজৰ পৰা বিপুল সহাঁৰি বিচাৰি বৌদ্ধিক আন্দোলনেৰে আত্মনির্ভৰশীল অসম গঢ়াৰ লক্ষ্য আগত ৰাখি দৈনন্দিন বাৰ্তা গোষ্ঠীৰ কাকত সমূহ গাঁৱে-ভূঁৱে চহৰে-নগৰে ৰাইজে আকোঁৱালি ল’বলৈ জিলাই জিলাই স্থানীয় সংবাদ দাতা মত বিনিময় অনুষ্ঠানৰ অংশ হিচাপে কালি টংলা সাহিত্য সভা ভৱনত এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানত ওদালগুৰি জিলা সংবাদদাতা সকলে ক’ভিড মহামাৰি পিছত দৈনন্দিন বাৰ্তা কাকতগোষ্ঠী কাকতসমূহ ক্ৰমান্বয়ে পাঠকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। কাকতসমূহ আৰু পাঠকৰ সংখ্যা বৃদ্ধিৰ বাবে চেষ্টা কৰি যাব বুলিও মন্তব্য কৰে। উল্লেখ্য যে কাকতসমূহ ৰাইজে আকোঁৱালি লবৰ বাবে ৰাইজৰ সমস্যাৰ সতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে এখন সমিতি গঠন কৰা হয়।

মাজবাটৰ যতীন নাথক সভাপতি,টংলাৰ কৌস্তুভমনি শৰ্মা,ভেৰগাঁৱৰ ফটিক ৰাভাক যুটীয়া সম্পাদক,পানেৰীৰ বিপুল হাজৰিকাক সাংগাঠনিক সম্পাদক,টংলাৰ অৰূপ বড়োক সাংস্কৃতিক সম্পাদক আৰু কলাইগাঁৱৰ বিপ্লব ডেকাকে ধৰি অন্যান্য সংবাদদাতা সকলক সদস্য হিচাপেলৈ ওদালগুৰি জিলা সমিতিখন গঠন কৰা হয়। উল্লেখ্য যে সংবাদদাতা সকলক মতামত গ্ৰহণ কৰি দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিয়ে ওদালগুৰি জিলাৰ ওৰাঙৰ জ্যেষ্ঠ সাংবাদিক নৱ কুমাৰ ডেকা ,মাজবাটৰ যতীন নাথ,টংলাৰ ফটিক ৰাভা আৰু কৌস্তুভ মণি শৰ্মাৰ নেতৃত্বত ওদালগুৰি জিলাত জিলা ভিত্তিত এখন বৃহৎ সমাজ গঢ়ি বৌদ্ধিক আন্দোলনৰ পৰিবেশ এটা সৃষ্টি হব। আৰু নতুন প্ৰজন্মৰ লেখক-লেখিকা উলিয়াই আনিবলৈ সক্ষম হোৱা লগতে বাতৰি কাকত পঢ়া এক পৰিবেশ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত আলোকপ্ৰভঞ্জনৰ সম্পাদক কুমুদ নাথো উপস্থিত থাকে।

Leave A Reply