Breaking

যাৰ লগত সকলোৱে এখন ফটো উঠিব বিচাৰে, তেওঁ নিজেই এখন বিশেষ চেলফি তুলিলে! ফটো খনৰ সন্দৰ্ভত লিখক এষাৰি বাক্য…

0 70

যাৰ লগত সকলোৱে এখন ফটো উঠিব বিচাৰে, তেওঁ নিজেই এখন বিশেষ চেলফি তুলিলে! ৮ এপ্ৰিলত তামিলনাডু ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তামিলনাডুৰ ৰাজপথত প্ৰধানমন্ত্ৰী গাৰকীয়ে কৰিলে এক বিশেষ কাৰ্য। যি কাৰ্য এতিয়া আছে চৰ্চাত আৰু এই কাৰ্যক ভাল পাইছে সকলোৱে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ টুইটাৰ একাউণ্টত এখন চেলফি শ্বেয়াৰ কৰিছে। নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে পোষ্ট কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে এই চেলফি খনক বিশেষ চেলফি আখ্যা দি চেলফি উঠা ব্যক্তিজনৰ কাহিনী শ্বেয়াৰ কৰি নিজকে গৌৰৱান্বিত বিজেপি কৰ্মী বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে- ‘এখন বিশেষ চেলফি, চেন্নাইত থিৰু এছ মণিকন্দনক লগ পাইছিলোঁ।’ তেওঁ ইৰোডৰ এজন গৌৰৱান্বিত কৰ্মী, বুথৰ সভাপতি হিচাপে কাম কৰে। তেওঁ এজন শাৰীৰিক ভাৱে সক্ষম ব্যক্তি আৰু নিজাকৈ দোকান চলায়, আন এক ভাল লগা কথা হ’ল তেওঁ নিজৰ দৈনিক লাভৰ এক অংশ বিজেপিক দান কৰে। শ্ৰী এছ মণিকন্দনৰ দৰে লোক উপস্থিত থকা পাৰ্টিত উপস্থিত হৈ গৌৰৱ অনুভৱ কৰো বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। তেওঁৰ জীৱন যাত্ৰা, আমাৰ দল আৰু আমাৰ মতাদৰ্শৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই সকলোকে অনুপ্ৰাণিত কৰে। তেখেতৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো। ফটো খন শ্বেয়াৰ কৰি মোদীয়ে লিখিলে এই কথা।

এই ফটো খন এতিয়া আছে চৰ্চাত। কিয়নো প্ৰধানমন্ত্ৰীৰ এই কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। ফটো খন বহুতেই বাল পাইছে। তেওঁৰ এই কাৰ্যক সকলোৱে শলাগ লৈছে।

Leave A Reply