Breaking

চিলাপথাৰৰ প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত মঞ্চস্থ কৰিবলগীয়া নাটকৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

0 1,030

চিলাপথাৰৰ অন্যতম সাংস্কৃতিক শিক্ষাৰ প্ৰতিষ্ঠান প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত অহা ২০ জুন ৰাভা দিৱসত মঞ্চস্থ কৰিব দুখনকৈ পূৰ্ণাংগ নাটক।প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালিকা ৰেণু বৰুৱাই আঁতধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰি দুয়োখন নাটকৰ আখৰাৰ শুভাৰম্ভণি কৰে চিলাপথাৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন বৰঠাকুৰ আৰু প্ৰবীণ লাহনে। মন্থষ্ট কৰিব লগীয়া নাটক দুখন হৈছে ক্ৰমে মৃদুল হাজৰিকাৰ পৰিকল্পনা আৰু পৰিচালনাৰে ঋতুপৰ্ণ দাসৰ নাট ‘ অন্তৰ্যুদ্ধ ‘ আৰু নৃপেন বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে শিশু নাট ‘ ধেম ধেম ৰেধেম ধেম ‘।দুয়োখন নাটকৰ মঞ্চস্থ কৰাৰ ক্ষেত্ৰত সমগ্ৰ চিলাপথাৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সকলে।

শুভাৰম্ভণি অনুষ্ঠানটিত চিলাপথাৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী বিপিন ৰাজখোৱা, নৃপেন বৰঠাকুৰ, প্ৰবীণ লাহন , মৃদুল হাজৰিকা, শান্তিৰাম দাস , দিপালী বৰা , সংবাদ কৰ্মী বনমালী মহন্ত , বিকাশ শইকীয়া আদি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply