Breaking

পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডৰ যোশিমঠ চহৰত ভূমিস্খলনে সৃষ্টি কৰা আতংকময় পৰিস্থিতি…

0 46

প্ৰকৃতিৰ ৰোষে বাৰুকৈয়ে স্পৰ্শ কৰিছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডক। ৰাজ্যখনৰ যোশিমঠ চহৰত ভূমিস্খলনে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ পিছত এইবাৰ তেহৰী গড়ৱালতো অনুৰূপ পৰিস্থিতিয়ে গা কৰি উঠিছে। ভূমিস্খলনৰ আশংকাত আজি স্থানীয় ৰাইজে চৰকাৰক এই বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেহৰী হ্ৰদৰ কাষৰীয়া গাঁওসমূহত ভূমিস্খলন সংঘটিত হোৱাৰ লগতে চাম্বা সুৰংগৰ ওপৰত আৰু কাষৰীয়া ঘৰবোৰত অভাৱনীয়ভাৱে ফাট মেলাৰ ফলত ডেৰ ডজনৰো অধিক পৰিয়াল বিপদত পৰিছে বুলি স্থানীয় ৰাইজে প্ৰশাসনক অৱগত কৰিছে।

এক অভিলাষী প্ৰকল্পৰ অধীনত চাম্বাত ৪৪০ মিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰা হৈছে আৰু সুৰংগ নিৰ্মাণৰ পিছতে চাম্বা মেইন মাৰ্কেটৰ ঘৰবোৰত ফাট মেলিবলৈ আৰম্ভ কৰিছে। যোশীমঠৰ দৰেই তেহৰী গড়ৱালতো অপৰিকল্পিত নিৰ্মাণ কাৰ্যই এনে বিপদৰ সৃষ্টি কৰিছে বুলি স্থানীয় ৰাইজে দাবী কৰিছে।

ক্ষতিগ্ৰস্ত হোৱা এগৰাকী স্থানীয় লোকে কয়, “সুৰংগ নিৰ্মাণ আৰম্ভ হোৱাৰ পিছৰে পৰা ঘৰত ফাট মেলিবলৈ আৰম্ভ কৰিছিল। কেইবাটাও জৰীপ হৈছিল যদিও কোনো ব্যৱস্থা লোৱা হোৱা নাছিল।”

“আমাৰ ইয়াত ভাড়াতীয়া বাস কৰিছিল যদিও আমি ২০১৯ চনত তেওঁলোকক খালী কৰাইছিলো। চৰকাৰে যোশীমঠৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াতো তেনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছো।”— তেওঁ লগতে কয়।

বাড’নি অঞ্চলৰ আন এগৰাকী স্থানীয় লোকে কয়, “এনে এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হৈছে যদিও কৰ্তৃপক্ষই কিহৰ বাবে অপেক্ষা কৰি আছে, সেয়া আমি এতিয়াও বুজিব পৰা নাই।”

Leave A Reply