Breaking

সৎ কৰ্মৰে পূৰ্বৰ পাপ খণ্ডাব পাৰি – শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ কথাৰে…

0 34

সৎ কৰ্মৰে পূৰ্বৰ পাপ খণ্ডাব পাৰি — শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ কথাৰে ।   মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই অন্ন মুঠি যতে ততে গ্ৰহন কৰিবলৈ মানা কৰি এটা পৌৰাণিক আখ্যান আগবঢ়াইছে । আখ্যান মতে অন্ন মুঠি সদায় চাই চিতি গ্ৰহন কৰিব পাৰিলে ভাল । কিয়নো অন্যায়ভাৱে বা নীতি বিগৰ্হিত ভাৱে আহৰণ কৰা অন্নত পাপ মিহলি হৈ থাকে । তেনে ঘৰত গ্ৰহন কৰা অন্নই দাঁতাজনৰ পাপৰ ভাগ খোৱা জনেওঁ লব লগা হয় ।  আখ্যান মতে এজন চোৰ-ডাকু প্ৰকৃতিৰ মানুহৰ অত্যাচাৰত কোনো শান্তিৰে থাকিব পৰা নাছিল । বাটত লগ পোৱা মানুহক দাবি ধমকি দি বয় বস্তু কাঢ়ি নিছিল । বিচৰা বস্তু নাপালে মানহ জনক মাৰিও পেলাইছিল । এনেদৰে চোৰ জনে ধন-সম্পতিৰ পাহাৰ গঢ়িছিল । এদিন এজন মহাপূণ্যবান সদাচাৰী লোক ঘটনাক্ৰমে সেই পথেৰে আহিব লগীয়া হ’ল । ৰাতি হোৱা বাবে তেওঁ উপায়হিন হৈ পৰিল ।

তেওঁ ভাবিলে বাহিৰত থাকিলে মাৰধৰ কৰি বস্তু বাহিনী কাঢ়ি নিলেও অন্তত প্ৰাণটো ৰক্ষা পৰিব বুলি ভাবি ৰাতিটো ডকাইতৰ ঘৰতে আশ্ৰয় লোৱাৰ সিদ্ধান্ত ল’লে । ৰাতি ডকাইতে নিজৰ ঘৰত মানুহজনক দেখি আচৰিত হ’ল । ইমান বছৰৰ মুবত উপযাচি অহা মানুহ জনক ডকাইতে সুন্দৰকৈ ৰাখি সুস্বাদু ব্যঞ্জনেৰে এসাজ খুৱালে ।   সময়ত দুয়োজন মৰিল । যমৰজাই চিত্ৰগুপ্তক তেওঁলোকৰ পাপ পুণ্যৰ হিচাপ কৰিব দিলে । বিচাৰত ওলাল — ডকাইত জনে গোটেই জীৱন পাপ কৰিয়ে কটালে যদিও এজন সদাচাৰী লোকক এসাজ অন্ন খুৱাই অলপ পুণ্য অৰ্জণ কৰিলে । আৰু সদাচাৰী লোকজনে গোটেই জীৱন পুণ্য কৰিলে যদিও এজন পাপীৰ ঘৰত এসাজ খাই অলপ পাপ আৰ্জিলে ।

— যমৰজাই দুয়োজনাৰ পাপ পুণ্যৰ হিচাপ কৰি ৰায় দিলে যে –” এসাজ অন্ন খুওৱা ডকাইতৰ অকনমান ৰাজভোগ আছে আৰু ডকাইতৰ ঘৰত খোৱা সদাচাৰী জনৰ অলপ নৰকত ভোগ আছে । এতিয়া কোনে প্ৰথমতে কি ভোগ কৰিবা ।” ৰায় শুনি সদাচাৰীয়ে ভাবিলে — মোৰ জীৱনত গোটেই পুণ্য আছে যেতিয়া প্ৰথমতে নৰক যন্ত্ৰনা খিনিকে ভোগ কৰি লওঁ । আৰু ডকাইতে ভাবিলে গোটেই জীৱন নৰকভোগে আছে যেতিয়া প্ৰথমতে ৰাজভোগে লওঁ । এইবুলি দুয়ো নিজৰ সিদ্ধান্ত যম ৰজাক জনালে ।  কথামতে কাম । ডকাইত ৰজাৰ ঘৰত পুত্ৰৰূপে জন্ম ল’লে । সৎ সংস্কাৰী ঘৰত জন্ম লৈ তেওঁ ইটোৰ পিছত সিটো সৎ কাম কৰি পুৰ্ব জন্মৰ পাপ মোচন কৰি গোটেই জীৱন পুণ্য অৰ্জণ কৰিলে । আনহাতে সদাচাৰী জনে এটা নিকৃষ্ট জন্মত জন্ম লাভ কৰি ইটোৰ পিছত সিটো পাপ কৰ্ম কৰি পুৰ্বৰ পুণ্য শেষ কৰি নৰকগামী হৈ অধাচাৰী হৈ নৰকতে জীবনটো কটালে । সেয়েহে গুৰুজনাই সৎভাৱে উপাৰ্জণ কৰা লোকৰ পৰা দান আৰু অন্ন গ্ৰহণ কৰিবলৈ উপদেশ দিছে ।

লেখক –হেমন্ত কলিতা

Leave A Reply