Breaking

বিজেপিৰ পলোভনৰ ৰাজনীতিয়ে কতো কাম নকৰা হৈছে তাকে প্ৰতিপন্ন কৰিলে হিমাচল প্ৰদেশৰ জনতাই:ভূপেন কুমাৰ বৰা…

0 46

অসমৰ ৰাজনীতি সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা এই বিজেপিৰ দৰে অপশক্তি সমুহক নাশ কৰিবলৈ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে। ইয়াৰ প্ৰমাণ আজি বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰতিনিধিত্ব কৰা হিমাচল প্ৰদেশৰ জনতাই দিলে। বিজেপিৰ পলোভনৰ ৰাজনীতিয়ে যে কতো কাম নকৰা হৈছে তাকে প্ৰতিপন্ন কৰি হিমাচল প্ৰদেশক কংগ্রেছৰ চৰকাৰ হ’বলৈ গৈছে সেইয়াই জলন্ত উদাহৰণ বুলি থাওৰা সমষ্টিৰ নিতাইপুখুৰীত এইদৰে মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্রেছ কমিতিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

আজিৰ পৰা ৩৮ দিনৰ পূর্বে কংগ্রেছ দলে ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্রা আজি বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ দখলত থকা থাওৰা সমষ্টিৰ নিতাইপুখুৰী চৰকাৰী বাছ আস্থানৰ পৰা ডিমৌলৈকে আৰম্ভ কৰা প্ৰায় আঠ কিলোমিটাৰ পদ যাত্রাত অংশগ্রহণ কৰি লগতে কয় যে বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰি সমগ্র ভাৰতৰ লগতে অসম খনকো ভাগ ভাগ কৰিছে।বৰাই লগতে কয় যে, এই বৃহত্তৰ নিতাইপুখুৰী তথা থাওৰা সমষ্টিত ৮ ডিচেম্বৰ দিনটো অসমত সোণালী আখৰে জিলিকি থাকিব। কাৰণ এই পবিত্র ভূমি হৈছে জননেতা ভীমবৰ দেউৰীৰ জন্ম স্থান।

যি জন মহান ব্যক্তিয়ে প্ৰাক্তন মুখ্যমন্ত্রী গোপীনাথ বৰদলৈৰ লগ হৈ ভাৰত বিভাজনৰ সময়ত ভাৰতৰ সকে সবল ভূমিকা লৈছিল।এইজনা মহান নেতাৰ আদৰ্শক সাৰোগত কৰি ৰাইজক আগবাঢ়ি যাবলৈ আহ্বান জনায়।আনহাতে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে হাজাৰোধীক ৰাইজক সম্বোধন কৰি কয় যে, এই বিশাল ভাৰত জোড়ো যাত্রা কংগ্রেছ যুৱনেতা ৰাহুল গান্ধীয়ে দুটা মাহৰ পূর্বে আৰম্ভ কৰাত ভাৰতত এক নতুন জোৱাৰ সৃষ্টি কৰিছে। কন্যা কুমাৰীৰ পৰা আৰম্ভ কৰা এই যাত্রাৰ সময়ত বিজেপিয়ে কৰা চৰম প্ৰৱঞ্চনাৰ কথা ৰাইজে গম পাইছে।এই যাত্রাৰ পিছত কংগ্রেৰ জনপ্রিয়তা সমগ্র ভাৰতত পুনৰ দুগুণ বৃদ্ধি পাইছে বুলি কয়। পূর্বে কংগ্রেছৰ দখলত থকা এই সমষ্টিৰ ৰাইজক সুশান্ত বৰগোহাঁইয়ে চৰম প্ৰৱঞ্চনা কৰিলে বুলিও কয় । বিগত সময়ত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈয়ে অসম আৰু অসমীয়া জাতিৰ বাবে কৰা ত্যাগৰ কথা কয়।সাংসদ গগৈয়ে লগতে কয় যে, বিজেপিৰ প্ৰতি থাওৰাত ৰাইজ চূড়ান্ত মোহভঙ্গ হৈছে।

তাৰ প্ৰমান দেউৰী স্বায়ত্ব শাসিত নিৰ্বাচনত কংগ্রেছৰ প্ৰাৰ্থী জয়ে। সাংসদ গগৈয়ে অসমত বিজেপি আৰু বদৰুদ্দিনৰ মাজত গোপন সম্পর্ক থকা বুলি কোৱাৰ লগতে মুখ্যমন্ত্রী হিমন্তৰ বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ লগত কথা পাতিহে এনে বিতৰ্কিত মন্তব্য কৰাইছে বুলিও কয় । কংগ্রেছৰ নেতা বিনোদ কোঁৱৰে আঁত ধৰা আৰু অসম প্ৰদেশ কংগ্রেছৰ সম্পাদক অজয় কুমাৰ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত অংশগ্রহণ কৰে ক্ৰমে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়িকা নন্দিতা দাস, মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, কংগ্ৰেছৰ নেতা অপূৰ্ব ভট্টাচাৰ্য্য,ৰজলিনা তিৰ্কী, বিস্মিতা গগৈ,বিপুল গগৈ। ইয়াৰ পিছতে বিয়লি ভাগত নিতাইপুখুৰীৰ পৰা পদযাত্রা কৰি ডিমৌত এই ভাৰত জোড়ো যাত্রাৰ কাৰ্য্যসূচী সমাপন কৰে।

Leave A Reply