Breaking

বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সমাধান বিচাৰিছে নদুৱাৰবাসী ৰাইজে ! নতুন চৰকাৰলৈ আহ্বান অঞ্চলবাসীৰ

0 1,023

 শোণিতপুৰ জিলাৰ ন-দুৱাৰ অঞ্চলত বিগত দীৰ্ঘকাল ধৰি বন্যহস্তীৰ উপদ্ৰৱ সহ্য কৰি আহিছে অঞ্চলবাসীয়ে। সেইহে এতিয়া বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সামাধান বিচাৰিছে ন-দুৱাৰৰ দক্ষিণ পাৰৰ গঞা ৰাইজে। জীয়া ভৰলী নৈৰ দাতি কাষৰীয়া অঞ্চল অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা জাক জাক বন্য হস্তীয়ে ন-দুৱাৰৰ দক্ষিণ প্ৰান্তৰ গড় পাল,নিজ গড় পাল,তেৱাৰী পাল,মাজুলীআটি,কাছমাৰী,চিতলমাৰীকে ধৰি কে’বাখনো গাঁৱত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। কৃষিৰ ওপৰতেই নিৰ্ভশীল গাঁৱসমুহত নিশাৰ ভাগত প্ৰৱেশ কৰা বন্য হস্তীয়ে ধন-জনৰ ক্ষতি সাধন কৰিছে। বিগত সময়ত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা গাঁওবাসীক ৰক্ষ্যা কৰিবত বাবে সৌৰ শক্তি চালিত ফেঞ্চিংৰ ব্যৱস্থা কৰা হৈছিল যদিও সেইয়া সম্পূৰ্ণ ৰূপে ফলপ্ৰসু হোৱা পৰিলক্ষিত নহল। মূখ্য মন্ত্ৰী নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰখনে ন-দুৱাৰৰ দক্ষিণ প্ৰান্তত বছৰ বছৰ ধৰি চলি অহা বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষ্যা কৰাৰ ক্ষেত্ৰত বিজ্ঞান সন্মত স্থায়ী ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰিব বুলি এতিয়া শ শ ৰাইজে আশাৰে বাট চাইছে।

Leave A Reply