Breaking

হয়তো আপুনি নিবিচাৰে ! কিন্ত গৰিষ্ঠসংখ্যক দেশবাসীয়ে পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত বিচাৰে মোদীক

0 2,413

আগন্তুক লোকসভা নিৰ্বাচনত গৰিষ্ঠসংখ্যক দেশবাসীয়ে পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত মোদীকেই পচন্দ কৰে। এই কথা আমি কোৱা নাই । শেহতীয়াকৈ এটা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।

দেশৰ বহুটো গুৰুত্বপূৰ্ণ সমস্যা সমাধানত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খন সফল হ’ব পৰা নাই যদিও মোদীৰ সলনি আন কোনো নেতাৰ ওপৰতে দেশৰ পৰৱৰ্তী চৰকাৰ খনৰ দায়িত্ব এৰি দিব বিচৰা নাই গৰিষ্ঠসংখ্যক ভাৰতীয়ই ।

‘আইএএনএছ-চি ভোটাৰ ষ্টেট অৱ দ্য নেছন’ৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি দেশৰ ৫৯.২২ শতাংশ লোকে মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে ।

মোদীৰ নেতৃত্বতে দেশে প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হ’ব বুলি এইসকল লোকে বিশ্বাস কৰে । মোদীয়ে দেশত আত্মনিৰ্ভৰশীলতাৰ পথলৈ আগুৱাই নিয়াত সহায় কৰিব পাৰিব বুলি এইসকল লোকে বিশ্বাস কৰে ।

সমীক্ষাটোৰ তথ্য অনুসৰি হিমাচল প্ৰদেশ আৰু ওড়িশাত মোদীৰ জনপ্ৰিয়তা যথেষ্ঠ বেছি । দেশৰ ১০ খন ৰাজ্যৰ ৬৫ শতাংশ লোকে মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত বিচাৰে ।

জম্মু-কাশ্মীৰতো মোদীৰ জনপ্ৰিয়তা আশাপদক । কাশ্মীৰত ৪৬.৭৪ শতাংশ লোকে মোদীক প্ৰধানমন্ত্ৰী হিচাপে পচন্দ কৰে ।

আনহাতে, সমীক্ষাত ম্লান পৰা দেখা গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী জনপ্ৰিয়তা । জনপ্ৰিয়তাৰ দিশত ৰাহুল আছে দ্বিতীয় স্থানত । ৰাহুল গান্ধীক দেশৰ ২৫.৬২ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে পচন্দ কৰে বুলি সমীক্ষাটোত প্ৰকাশ পাইছে ।

সমীক্ষাটোত কোৱা হৈছে যে, কেৰালা আৰু তামিলনাডুত ৰাহুলৰ কিছু জনপ্ৰিয়তা নথকা নহয় । দেশৰ আন ৰাজ্যত ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল তেনেই নিম্নগামী যদিএ কেৰালাত ৫৪.২৮ শতাংশ লোকে ৰাহুলক প্ৰধানমন্ত্ৰী হিচাপে পচন্দ কৰে। লগতে তামিলনাডুৰ ৪৮.২৬ শতাংশ লোকে ৰাহুলক প্ৰধান মন্ত্ৰী হিচাপে বিচাৰে।

Leave A Reply