Breaking

প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক আৱেদন ” ৱাৰিয়ৰ ” এক জাগৰণ নাৰীত্ব নামৰ সংগঠনৰ।

0 1,587

সমাজত নাৰী জাতিৰ স্বভিমান আৰু নিজৰ স্বকীয়তাৰ পৰিচয়ৰে জীয়াই থকাৰ অধিকাৰ বিচাৰি এক জাগৰণ নাৰীত্বৰ বাণীৰে গঠন কৰা ” ৱাৰিয়ৰ ” নামৰ সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে লিখিত আৱেদন যোগে অৱগত কৰিবলৈ আজি কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক লগ ধৰা হয়। আৰু আৱেদন প্ৰদান কৰা হয়। দেশৰ নাৰী সৱলীকৰণ আৰু সুৰক্ষাৰ ওপৰত আলোকপাত কৰা সংগঠনটোৰ আৱেদনত উল্লেখ কৰে যে ; সমাজত ধৰ্ষণৰ কেচবোৰৰ fast trach আদালতৰ জৰিয়তে বিচাৰৰ দাবী তথা নাৰী সুৰক্ষাৰ কঠোৰ আইনৰ দাবীৰে ” warriors ” ৰ জৰিয়তে সমগ্ৰ অসমৰ নিজ নিজ স্থানীয় বিধায়কক লগ ধৰি আগন্তুক বিধানসভা অধিবেশনত সেই দাবী সমূহ পূৰণৰ প্ৰস্তাৱ দাঙি ধৰাৰ বাবে  “Meet your MLA” শীৰ্ষক কাৰ্য্যক্ৰম হাতত লোৱা হৈছে আৰু তাৰেই অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা সমিতিয়ে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক লগ ধৰি স্মাৰক পত্ৰ প্ৰদান কৰে বুলি সংবাদ মাধ্যমক জানিব দিয়ে সংগঠনটোৰ উপদেষ্টা বকোৰ সোণমণি বায়নে। উল্লেখ্য যে ; পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক স্মাৰক প্ৰদান কৰা কাৰ্য্যসুচীত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা সমিতিৰ  উপদেষ্টা সোণমণি বায়ন ; জিলা সভাপতি দিগন্ত নাথ আৰু সক্ৰিয় সদস্য কাৰ্তিক দাস। ইফালে বিধায়ক ভট্টাচাৰ্য্যই সংগঠনটোৰ বিষয়টো গুৰুত্বসহকাৰে লয় আৰু ভৱিষ্যতে ৱাৰিয়ৰৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণ কৰাত সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। সংগঠনটোৰ সকলো জিলা সমিতিৰ উদ্যোগত নিজ নিজ সমষ্টিৰ বিধায়ক সকলোক নাৰী জাতিৰ সুৰক্ষা আৰু সাৱলীকৰণৰ দহ দফীয়া দাৱী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিব দিয়ে সংগঠনটোৰ নেতৃবৃন্দই।

Leave A Reply