Breaking

বাৰবিকিউ নেচনৰ অস্থায়ী কর্মচাৰীৰ দুর্দশা : কর্মচাৰীৰ জীৱনলৈ নামি আহিছে বিপর্যয়৷

0 1,047

ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে একাংশ ব্যক্তিগত খণ্ডৰ কর্মচাৰীৰ জীৱনলৈ নামি আহিছে বিপর্যয়৷ গুৱাহাটী মহানগৰীৰ একাংশ বিলাসী হোটেল–ৰেষ্টুৰেণ্টৰ কর্মচাৰীয়ে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে প্রশাসনে জাৰি কৰা মিনি লকডাউনৰ ফলত হোটেল কর্তৃপক্ষই একাংশ অস্থায়ী কর্মচাৰীক ছাটাই কৰা পৰিলক্ষিত হৈছে৷মহানগৰীৰ উলুবাৰীস্থিত বাৰবিকিউ নেচনৰ এজন অস্থায়ী কর্মচাৰীক কামৰ পৰা অব্যাহতি দিয়া বুলি ভুক্তভোগী কর্মচাৰী সুৰজ শর্মাই সংবাদ মাধ্যমৰ আগত অৱগত কৰায়৷ ৰেষ্টুৰেণ্ট কর্তৃপক্ষই কামৰ পৰা অব্যাহতি দিয়াত কর্মচাৰীজনে পদপথত আশ্রয় লোৱাত এচাম স্থানীয় যুৱকে ৰেষ্টুৰেণ্ট কর্তৃপক্ষৰ কাষ চাপি যুৱকজনৰ দুর্দশাৰ কথা অৱগত কৰায়৷ পৰৱর্তী সময়ত অস্থায়ী কর্মচাৰীজনে পাবলগীয়া ধন ৰেষ্টুৰেণ্ট কর্তৃপক্ষই আদায় দিবলৈ বাধ্য হয়৷

Leave A Reply