Breaking

কদৰ্যময় পথৰ দুৰৱস্থাৰ বাবে কৰ্তব্যৰত আৰক্ষীও যেতিয়া বিপাঙত পৰে

0 2,032

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ ৩ নম্বৰ ৱাৰ্ডৰ এটা গুৰুত্বপূৰ্ণ পথ । আচলতে পথ বুলি ক’লে এতিয়া ভুল কৰা হ’ব । কঠীয়া ৰুব পৰা এক পৰিৱেশ । য’ত কৰ্তব্যৰত আৰক্ষীৰো হ’ল নগুৰ-নাগুতি । হাওৰাঘাটৰ যমুনা নৈৰ কাষেৰে ৰাজহুৱা শ্মশান তথা মাটিখোলা গাঁৱলৈ যোৱা মাথোঁ ২ কিলোমিটাৰ দূৰত্বৰ নাতিদীৰ্ঘ এই পথছোৱাৰ অৱস্থা বিগত ১০-১৫ বছৰে তথৈবচ্  ।কিন্তু কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ।শেহতীয়াকৈ “জল-জীৱন মিছন”ৰ পানীৰ পাইপ বহুৱাৰ নামত সংশ্লিষ্ট ঠিকাদাৰগৰাকীয়ে অপৰিকল্পিতভাৱে পথৰ কাষত জধে-মধে মাটি খান্দি কদৰ্যময় অৱস্থাৰ সৃষ্টি কৰাত উল্লেখিত পথছোৱা সম্প্ৰতি যাতায়তৰ বাবে আৰু অধিক অনুপযোগী হৈ পৰিছে ।যাৰ বাবে কৰ্তব্যৰত এজন আৰক্ষী এইদৰে সন্মুখীন হয় ব্যাপক লঘু-লাঞ্ছনাৰ ।নিজৰ মটৰ চাইকেলখনেৰে এই কদৰ্যময় পথেৰে বিশেষ কৰ্তব্য পালনৰ হেতু যাবলগীয়া হোৱাত অকল্পনীয় সমস্যাৰ সন্মুখীন হয় আৰক্ষীৰ লোকজন ।পিছত স্থানীয় ৰাইজৰ সহযোগত কোনোমতে মটৰ চাইকেলখন লৈ ওলাই আহে আৰক্ষীৰ লোকজন ।মনকৰিবলগীয়া ৰাইজৰ বাৰম্বাৰ আবেদন-নিবেদনৰ পিছতো গুৰুত্বহীন হৈ আছে হাওৰাঘাটৰ ৰাজহুৱা শ্মশানলৈ যোৱা এই পথছোৱাৰ দীৰ্ঘদিনীয়া সমস্যা ।বছৰৰ পিছত বছৰ ধৰি উপেক্ষিত হৈছে হাওৰাঘাটৰ মাটিখোলা, গজালিপাৰ সংলগ্ন বৃহত্তৰ অঞ্চলবাসী ৰাইজ ।কিন্তু উদাসীন সংশ্লিষ্ট কৰ্তৃপক্ষ । উদাসীন বহুবল্কী জনপ্ৰতিনিধি খনছিং ৰংপি ।উল্লেখযোগ্য যে, হাওৰাঘাট পৌৰসভা কৰ্তৃপক্ষই কেবাবাৰো হেনো পথছোৱা মেৰামতিৰ বাবে উদ্যোগ লৈছিল, আহ্বান কৰাইছিল নিবিদাও ।কিন্তু ঠিকাদাৰৰ অভাৱতহে হেনো আজিলৈকে কৰিব পৰা নাই পথছোৱাৰ মেৰামতি তথা পুনঃনিৰ্মাণৰ কাম ।কথাষাৰৰ সত্যতা পৌৰসভা কৰ্তৃপক্ষই নিজেই জানিব । কিন্তু ৰাইজৰ এই সীমাহীন দুৰ্দশাৰ অন্ত কেতিয়া ? ৰাইজৰ সমস্যাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব সেয়াই এতিয়া দুৰ্দশাগ্ৰস্ত ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন ? আনহাতে মডেল হাওৰাঘাট বনোৱাৰ শ্লগানেৰে গাদী দখল কৰা স্থানীয় জন  প্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যাবাহী সদস্য খনছিং ৰংপিৰ নাইনে অকণো দায়িত্ববোধ এইলৈও প্ৰশ্ন উত্থাপিত হৈছে ।।

Leave A Reply