Breaking

বিটিচিত শক্তিশালী হব ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থিতি

0 2,039

ৰাজ্যত উপ নিৰ্বাচনৰ বতাহ আৰম্ভ হোৱাৰ সময়তে উপ নিৰ্বাচনত কংগ্ৰেছ দলে সকলো সমষ্টিতেই এককভাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে কলিয়াবৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। ৯ছেপ্তেম্বৰত  দুপৰীয়া ওদালগুৰিৰ ৰাজীৱ ভৱনত জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এক দলীয় সভাত অংশ গ্ৰহণৰ পিছত সংবাদ মেলত সম্বোধন কৰি কংগ্ৰেছ সাংসদ গগৈয়ে কয়- বিটিচি অঞ্চলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ স্থিতি সবল কৰি তুলিবৰ বাবে ধাৰাবাহিকভাবে গণ সম্পৰ্ক অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছ দলক বিটিচি অঞ্চলৰ ৰাইজে ব্যাপক সঁহাৰি জনোৱা বুলি সদৰি কৰে। তেওঁ আগন্তুক দিনত বিটিচি অঞ্চলত কংগ্ৰেছৰ স্থিতি যথেষ্ট শক্তিশালী হব বুলি ঘোষণা কৰাৰ লগতে বিটিচিৰ দুটা সমষ্টিৰ লগতে ৰাজ্যত উপ নিৰ্বাচনি হবলগীয়া প্ৰতিটো সমষ্টিতেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এককভাবেই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি স্পষ্টকৈ উল্লেখ কৰে। ইপিনে, মহাজোঁট ভংগ হোৱা প্ৰসংগত কংগ্ৰেছ সাংসদ গৰাকীয়ে কংগ্ৰেছ দলে এআইইউডিএফ দলৰ সৈতে মিত্ৰতা ভংগ কৰাটো অসমৰ বুদ্ধিজীৱিৰ লগতে সকলো স্তৰৰ ৰাইজে ভাল পাইছে আৰু অনাগত দিনত আমাৰ স্থিতি নিশ্চয়কৈ মজবুত হব বুলিও উল্লেখ কৰে। তেওঁ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কে আমাৰ নীতি আৰু আদৰ্শৰ লগত মিল থকা সকলোকে আমি আদৰি লব কিন্তু ৰাইজৰ দলৰ স্থিতি কি মই এতিয়ালৈকে বুজিব পৰা নাই। এফালে তেওঁলোকে বিজেপিৰ বিৰোধিতা কৰা দেখুৱাই আনফালে আকৌ তেওঁলোকৰ নেতাই বিজেপিৰ সূৰতেই কথাবোৰ কয় বুলিও কটাক্ষ কৰে। তেওঁ হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰি এইখন চৰকাৰে বিৰোধী শূণ্য হোৱাটো বিচাৰিছে আৰু বিৰোধী দুৰ্বল হলেই তেওঁলোকে যি ইচ্ছা তাকেই কৰি দুখীয়াৰ মূৰত মাধমাৰ শোধাব বিচাৰিছে বুলিও মন্তব্য কৰে।  কলিয়াবৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গগৈয়ে নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাৰ ঘটনাতো দুখ প্ৰকাশ কৰি নিহতৰ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে আহতসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰে। তেওঁ নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাৰ প্ৰসংগত বিজেপি চৰকাৰক ক্ষুৰাধাৰ সমালোচনা কৰি সকলো কামৰ কৃতিত্ব লব বিচৰা বিজেপি চৰকাৰে কিয় যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম কেতিয়া সম্পূৰ্ণ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে। ওদালগুৰিত কৰ্মীসভা আৰু সংবাদমেলত সম্বোধন কৰাৰ পিছত কংগ্ৰেছ সাংসদ গৰাকীয়ে ওদালগুৰিৰ বিশিষ্ট সমাজসেৱক চন্দ্ৰ মোহন কাৰ্কী, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক কৃতী শিক্ষক নৰেশ্বৰ ডেকা আৰু ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জেকব মোছাহাৰীৰ বাসগৃহলৈ গৈ তেওঁলোকৰ সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত বিটিচিত কংগ্ৰেছ স্থিতি সবল কৰাৰ কথা অৱগত কৰে। সাংসদ গৌৰৱ গগৈৰ ওদালগুৰি ভ্ৰমণ কালত ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি নাৰায়ণ অধিকাৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সম্পাদক ভাস্কৰ দাহাল, দৰং জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভানেত্ৰী ৱাহিদা আহমেদ, বঙাইগাওঁ জিলা কংগ্ৰেছৰ সভাপতি শংকৰপ্ৰসাদ ৰায়, ওদালগুৰি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্মল পাঠক আদি কেবাজনো কংগ্ৰেছ কৰ্মীয়ে সংগ প্ৰদান কৰে।

Leave A Reply