Breaking

হাতীত উঠি কাজিৰঙা সৌন্দৰ্য উপপভোগ কৰিলে ৰাষ্ট্ৰপতিয়ে।

0 2,096

সপৰিয়ালে হাতীত উঠি কাজিৰঙা সৌন্দৰ্য উপপভোগ কৰিলে ৰাষ্ট্ৰপতিয়ে।বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে তিনিদিনীয়া ভ্ৰমণৰে অসমলৈ আহে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।প্ৰথমে মা-কামাখ্যা মন্দিৰ দৰ্শন কৰে তাৰপিছতে কলাক্ষেত্ৰৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে।শনিবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয়।আজি কাজিৰঙাত ৰাষ্ট্ৰপতি গৰাকী দ্বিতীয় কাৰ্যসূচী।

ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাতিপুৱা তেওঁৰ পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী উপভোগ কৰে।ৰাষ্ট্ৰপতি গৰাকীয়ে হাতী চাফাৰী কাৰ্যসূচীত লগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, পৰিমল শুক্লবৈদ্যই।

Leave A Reply