Breaking

পুনৰ বৃদ্ধি পালে জীৱনৰক্ষাকাৰী ৮০০ বিধ ঔষধৰ দাম…

0 22

নিৰ্বাচনৰ পূৰ্বে ১ এপ্ৰিলৰ পৰা ৮০০ বিধ জীৱন ৰক্ষাকাৰী ঔষধৰ দাম বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে (এনপিপিএ)১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এণ্টিবায়টিক আৰু পেইনকিলাৰকে ধৰি প্ৰায় ৮০০ বিধ ঔষধৰ মূল্য বৃদ্ধি কৰিছে। তালিকাখনত ডায়েবেটিচ আদিৰ দৰে ৰোগৰ ঔষধো অন্তৰ্ভুক্ত আছে। ফলত জ্যেষ্ঠ নাগৰিকসকল ঔষধৰ মূল্য বৃদ্ধিক লৈ চিন্তিত হৈ পৰিছে। এন.পি.পি.এ.-ৰ মতে ষ্টেৰইড, এণ্টিবায়টিক, পেইনকিলাৰ, ভিটামিন, ৰক্তচাপ-শৰ্কৰা-কলেষ্টেৰল আৰু জ্বৰ-চৰ্দি-কাহত ব্যৱহৃত প্ৰায় ৮০০ বিধ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত পৰামৰ্শদাতা পৰিষদৰ পৰামৰ্শ অনুসৰি ঔষধৰ নতুন মূল্য নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে এইবুলিও দাবী কৰা হৈছে যে ঔষধৰ মূল্য আন বছৰবোৰতকৈ এই বছৰ যথেষ্ট কমকৈ বৃদ্ধি কৰা হৈছে। এন.পি.পি.এ.-ৰ মতে, অত্যাৱশ্যকীয় ঔষধৰ মূল্য ০.০০৫৫ শতাংশ বৃদ্ধি কৰা হৈছে। যোৱা বছৰত বহু ঔষধৰ মূল্য কমেও ১২ শতাংশ বৃদ্ধি কৰা হৈছিল বুলি কোম্পানীবোৰে যুক্তি দিছে।

২০২২ চনত ঐষধৰ মূল্য ১০ % বৃদ্ধি কৰা হৈছিল।ইফালে, ঔষধৰ মূল্য বৃদ্ধিক লৈ সাধাৰণ মধ্যবিত্ত পৰিয়ালবোৰ চিন্তিত হৈ পৰিছে। অভিযোগ কৰা হৈছে যে ফাৰ্মাচিউটিকেল কোম্পানীবোৰে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবে এনেদৰে মূল্য বৃদ্ধি কৰি আছে। কেইদিনমান আগতে ফাৰ্মা কোম্পানীবোৰে শাসকীয় বিজেপিৰ নিৰ্বাচনী বণ্ডত প্ৰায় ৯০০ কোটি টকা পৰিশোধ কৰিছিল বুলি জনা গৈছে । এতিয়া সেই ধন জনতাৰ জেপৰ পৰাই সৰকাব বিচাৰিছে ঔষধ কোম্পানীয়ে। ৰাজনৈতিক চক্ৰই দাবী কৰে যে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সুযোগ ল’বলৈয়েই কোম্পানীবোৰে নিৰ্বাচনী বণ্ডৰ নামত ৰাজনৈতিক দলক বৃহৎ মাত্ৰাত ধন দিছিল। এয়া স্পষ্ট যে শেহতীয়াকৈ দৈনিক অত্যাৱশ্যকীয় ঔষধ হিচাবে পৰিগণিত হোৱা ৰক্ত শৰ্কৰা, জ্বৰৰ ঔষধৰ মূল্য কমেও ১৫ শতাংশ বৃদ্ধি পাইছে।

Leave A Reply