Breaking

গাখীৰৰ মূল্য বাঢ়িল! এতিয়াৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ দাম কিমান হ’ব চাওক

0 117

পোন্ধৰ দিনীয়া দীঘলীয়া আলোচনাৰ অন্ত পৰিল৷

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থা আৰু বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাৰ আলোচনাৰ অন্তত বৃহস্পতিবাৰে গাখীৰৰ মূল্য বৃদ্ধি হৈ খুটিত প্ৰতি লিটাৰত ৩ টকা ৫০ পইচা হয়।

উল্লেখযোগ্য যে, গো-পালকৰ দাবী আছিল খুটিত প্ৰতি লিটাৰত ৫ টকা।

কিন্তু গো-পালকৰ ৫ টকা দাবীক নস্যাৎ কৰি প্ৰতি লিটাৰত খুটিত ৩.৫০ টকা বৃদ্ধি ধাৰ্য কৰি দিয়ে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই।

পূৰ্বৰ প্ৰতি লিটাৰত খুটিত গাখীৰৰ মূল্য আছিল ৫৩ টকা, এতিয়া হ’ল ৫৬.৫০ টকা।

Leave A Reply