Breaking

অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে…

0 13

অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰিলে মোদীয়ে,আহ্বান জনালে পৰ্যটকক চাহ বাগিচা পৰিদৰ্শন কৰিবলৈ । অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে।

তেওঁ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত এইবুলি ‘পোষ্ট’ কৰিছে: “অসম ইয়াৰ সুন্দৰ চাহ বাগিচাসমূহৰ বাবে জনাজাত, আৰু অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে।

মই চাহ বাগিচাৰ অসাধাৰণ সম্প্ৰদায়টোক প্ৰশংসা কৰিব বিচাৰিছোঁ, যিসকলে কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু সমগ্ৰ বিশ্বতে অসমৰ সন্মান বৃদ্ধি কৰি আহিছে। মই পৰ্যটকসকলক ৰাজ্যখন ভ্ৰমণৰ সময়ত এই চাহ বাগিচাসমূহ পৰিদৰ্শন কৰিবলৈও আহ্বান জনাইছোঁ।”

Leave A Reply