শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰাজি, কলা, সাহিত্য, দৰ্শন বিশ্বব্যাপি প্ৰচাৰ প্ৰসাৰৰ লক্ষ্যৰে অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু থান খনিৰ চৌপাশে অৱস্থিত সত্ৰ সমূহত অনুষ্ঠিত হ’ব “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”নামৰ এক বিশাল সাংস্কৃতিক কাৰ্যক্ৰমণিকা। মাধৱ সংস্কৃতিক ন্যাসৰ উদ্যোগত, শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হবলগিয়া “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ সাংস্কৃতিক কাৰ্যসূচী খন আজি বটদ্ৰৱা থানৰ আই খেৰসূঁতী সাংস্কৃতিক মঞ্চত সংবাদমেলে জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাৰ্যসূচী অনুসৰি অহা ২৯ জানুৱাৰীত আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গৱেষক পণ্ডিতৰ উপস্থিতিত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হব। ৩০ আৰু ৩১ জানুৱাৰীত বটদ্ৰৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া সাত খন ঐতিহ্যমণ্ডিত সত্ৰত দেশ, ৰাজ্যৰ বহুকেইজন পণ্ডিত, শিল্পী অভিনেতা, অভিনেত্ৰীৰ ওপৰিও বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী সহ প্ৰায় লক্ষাধিক লোকৰ সমাৱেশেৰে আলোচনাচক্ৰ, ভাওনা, বৰগীত, দিহানাম, সত্রীয়া নৃত্য, কবি সন্মিলন, প্ৰদৰ্শনী, চিত্ৰকলা, দিহানাম আদি বিভিন্ন সাংস্কৃতিক উপাদানৰ সমাহাৰ ঘটিব। আজিৰ সংবাদমেলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সমন্বয়ক ব্ৰজেন কাকতি, সাধাৰণ সম্পাদক ৰাজীৱ দও, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাকে প্ৰমুখ্য কৰি উদযাপন সমিতি বিষয়ববীয়া সকলৰ লগতে বটদ্ৰৱা অঞ্চলৰ আইমাতৄ সকল উপস্থিত থাকে।
Breaking
- গণতন্ত্ৰ মহিলা কল্যাণ মঞ্চই পলাশবাৰী চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান
- বকোৰ বিধায়িকা নন্দিতা দাসৰ সমআগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘৰে ঘৰে প্ৰচাৰ অভিযান
- ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত মিত্ৰজোটৰ নীতিক ধোৱাচাঙত তুলি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নিজা নিজা প্ৰাৰ্থী
- তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ
- তিনিচুকীয়াত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে আৰ জে দিৰ প্ৰাৰ্থী, জিলা কংগ্ৰেছৰ বিষয় – ববীয়াৰ দলত্যাগ
- পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ টীয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন বাবে যাত্ৰা
- আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২১ : স্মৃতি ইৰাণীয়ে এই বিশেষ পোষ্টেৰে নাৰীসকলক ধন্যবাদ জনাইছে
- ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা
- নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা
- নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন