প্ৰয়াত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ সোৱঁৰণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন। সমুজ্জললৈ মৰণোত্তৰভাৱে আৰক্ষী বিশেষ সেৱা মেডেল ঘোষণা

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বিগুণপাৰ (লেজা) নিবাসী তথা কামপুৰ আৰক্ষী থানাৰ প্ৰয়াত ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ সোৱঁৰণত আজি লেজা যুৱক শিৱ সংঘৰ উদ্যোগত শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাঙ্গণত বিস্তৃত কাৰ্যসূচীৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় | উল্লেখযোগ্য যে, কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ প্ৰচণ্ড বানপানীৰ মাজতো কাৰ্য সম্পাদন কৰিবলৈ গৈ বিগত ২০ জুনৰ গভীৰ নিশা সলিল সমাধি ঘটিছিল | শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে পুৱা সমুজ্জ্বল কাকতিৰ পিতৃ ধৈৰ্যৰাম কাকতি, মাতৃ চাৰুপ্ৰভা কাকতি ,ভাতৃ হিৰকজ্যোতি কাকতি সহ শোকদগ্ধ পৰিয়ালবৰ্গই সমুজ্জ্বল কাকতিৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তথা প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বিভিন্ন দল -সংগঠন, অনুষ্ঠান – প্ৰতিষ্ঠান, বিশিষ্ট ব্যক্তি তথা ৰাইজৰ তৰফৰ পৰাও প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে |

ইয়াৰ পিছতে ভাগৱত পাঠ ,নাগাৰা নাম পৰিবেশন আৰু সংস্কৃত স্ত্ৰোত্ৰপাঠ কৰা হয় | বিয়লিৰ ভাগত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ কুমাৰ ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা | কেইবা শতাধিক শোকাকুল ৰাইজ উপস্থিত থকা উক্ত স্মৃতিচাৰণ সভাত প্ৰয়াত অতি জনপ্ৰিয় যুৱক তথা দক্ষ আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ গুণৰাজি আৰু কৰ্তব্যনিষ্ঠাৰ কথা শ্ৰদ্ধাৰে সোৱঁৰণ কৰি বক্তৱ্য আগবঢ়াই ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভেৰ, ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিং, সমুজ্জ্বল কাকতিৰ খুড়া শচীন্দ্ৰ নাথ কাকতি , লেজা যুৱক শিৱ সংঘৰ সম্পাদক ৰৱিশংকৰ শাণ্ডিল্য, অৱসৰী শিক্ষক বিপিন শৰ্মা ,সদৌ অসম শালৈ সন্মিলনৰ সভাপতি মনোজ কুমাৰ বৰ্মণ ,অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক প্ৰদীপ চন্দ্ৰ শালৈ, অৱসৰী প্ৰশাসনিক বিষয়া মুনীন্দ্ৰ ডেকা, কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন বৰুৱা, দেওবাঁহগুৰি দেৱালয় পৰিচালনা সমিতিৰ সভাপতি মোহিনী মোহন শৰ্মা, কমলপুৰ প্ৰেছ ক্লাবৰ উপ-সভাপতি ভৱতোষ ডেকা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আদি কৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে |

যথেষ্ট গাম্ভীৰ্যপূৰ্ণ তথা আবেগিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখনত বিধায়ক দিগন্ত কলিতাই নিজৰ ভাষণত প্ৰয়াত সমুজ্জ্বল কাকতিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সমুজ্জ্বল কাকতিক মৰণোত্তৰ ভাৱে আৰক্ষীৰ বিশেষ সেৱা মেডেল প্ৰদানৰ বাবে নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰে | সভাৰ সঞ্চালক প্ৰদীপ কুমাৰ ভৰালীয়ে বিধায়ক গৰাকীৰ উক্ত ঘোষণাক আদৰণি জনাই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে | সভাৰ সামৰণিত শিৱ সংঘৰ সভাপতি চুৰেন কাকতিয়ে আটাইকে শলাগ যাঁচে | সন্ধিয়া সামুহিক বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্যসূচী সমূহৰ সামৰণি পেলোৱা হয় |

Related Articles