Breaking

বিলাসীপাৰাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ…

0 50

ধুবুৰী : বিলাসীপাৰাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ED য়ে অসাংবিধানিক ভাৱে চলোৱা জেৰাৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতা, কৰ্মচাৰী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।

বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত নায়েৰ আলগা আৰু বিলাসীপাৰা ব্লক কংগ্ৰেছৰ শ শ কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিয়ে চূড়ান্ত ৰূপে অসাংবিধানিক কামত লিপ্ত হৈছে। যাৰ বাবে ক্ষমতাৰ অপ ব্যবহাৰ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ED ৰ জৰিয়তে বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন কৰিছে।

দিল্লী আৰক্ষীয়ে অবৈধ ভাৱে কংগ্ৰেছ কাৰ্যালয়ত সোমাই কংগ্ৰেছ কৰ্মচাৰীক মাৰপিট কৰিছে। বিজেপি চৰকাৰ আৰু দিল্লী আৰক্ষীৰ এনে ভূমিকাক লৈ ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবাদৰ জৰিয়তে কঠোৰ সকীয়নি প্ৰদান কৰে। প্ৰতিবাদী সকলে কয় যে আমি কংগ্ৰেছে বৃটিছক ভয় কৰা নাই, বিজেপিকো ভয় নকৰোঁ।

প্ৰতিবাদস্থলীত বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ আদি শ্লোগান দি বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীয়ে। প্ৰতিবাদত অংশ গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশাৰ লগতে বিলাসীপাৰা আৰু নায়েৰ আলগা ব্লক কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কৰ্ম কৰ্তা সকলে উপস্থিত থাকে।।।

Leave A Reply