Breaking

বৰ্তমান ইন্টাৰনেটৰ যুগত গ্ৰন্থ অধ্যয়নৰ প্ৰাসংগিকতা

0 164

বৰ্তমানৰ যুগটোক ইন্টাৰনেটৰ যুগ বুলি ক’ব পাৰি। বহুতো মানুহে ৰাতিপুৱা শোৱাৰপৰা উঠাৰ পৰা ৰাতি টোপনি নোযোৱালৈকে মোবাইল নেটৰ লগত চেগা-চোৰোকাকৈ হ’লেও ব্যস্ত হৈ থকা দেখা যায়। দৈনন্দিন কাম কাজ সমূহ ডিজিটেল পদ্ধতিৰে সহজ কৰি পেলোৱাত মানুহৰ জীৱনবোৰ আৰামী হৈ পৰিল কভিদ কালত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ হাততো স্মাৰ্ট মোবাইল ফোন তুলি দি শিক্ষাদানৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰী সকলো ইন্টাৰনেট ব্যৱহাৰত অভিজ্ঞ হৈ পৰিল। বহুতেই অজানিতে ইন্টাৰনেটৰ অসৎ ব্যৱহাৰ কৰি জীৱন ধ্বংস কৰা দেখা গ’ল।

কিছুমান অভিভাৱকৰ অজ্ঞতাৰ সুযোগ লৈ বহুতো ছাত্ৰ-ছাত্ৰী বিপথগামী হোৱা দেখা গৈছে। এই ক্ষেত্ৰত দেখা যায় গ্ৰন্থ অধ্যয়নে সদায় মানুহৰ মন আৰু ভাৱ চিন্তাৰ বিকাশ ঘটাই জীৱন সু-পৰিশীলিত কৰি তোলে। ছাত্ৰ-ছাত্ৰী সকলেও বিভিন্ন বিষয়ৰ ওপৰত খৰছি মাৰি জানিবলৈ হ’লে সেই সেই বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব। ইন্টাৰনেটৰ জৰিয়তে লাভ কৰা প্ৰশ্নোত্তৰ বা সাৰাংশই তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি নকৰে।যি সকলে গ্ৰন্থ অধ্যয়নৰ জড়িয়তে জীৱন পথত আগবাঢ়ি যায়, তেওঁলোক বহুতেই জীৱন সফলতা লাভ কৰা দেখা যায়।শিক্ষাক পৰিপূৰ্ণ কৰে অধ্যয়নে। অধ্যয়নপুষ্ট জ্ঞানেৰে মানুহে নিজক বিকশিত কৰাৰ লগতে সমাজ বা জাতিটোকো মহীয়ান কৰি তুলিব পাৰে।বিশ্বৰ গুণী জ্ঞানী মণীষী সকললৈ লক্ষ্য কৰিলে দেখা যায় যে তেখেত সকলৰ অধ্যয়নপুষ্ট মনৰ বাবেই জগতত নিজৰ খ্যাতি ৰাখি যাবলৈ সক্ষম হৈছে। অধ্যয়নৰ পৰা লাভ কৰা প্ৰকৃত শিক্ষাই মানৱ সমাজৰ পৰা হিংসা ঈৰ্ষা নিৰ্মূল কৰি বিশ্বত স্হায়ী শান্তি প্ৰতিষ্ঠাৰ বাট সুগম কৰিব পাৰে।

এজন ব্যক্তি অধ্যয়নশীল হয় নে নহয় সেয়া তেওঁৰ কথা-বতৰা ভাৱ-ভংগীৰ পৰা বুজা যায়। অধ্যয়নহীন মানুহ এজনে যি কোনো ঘটনা বা কাৰ্য এটা যেনেধৰণে চাব বা কল্পনা কৰিব, অধ্যয়নপুষ্ট মানুহ এজনে তাতকৈ উৰ্দ্ধলৈ গৈ চিন্তা বা কল্পনা কৰিব পাৰে। ফৰাচী দাৰ্শনিক ভল্টেয়াৰৰ মতে “কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে।”দৰাচলতে যি সমাজত গ্ৰন্হৰ আদৰ নাই, সেই সমাজত মানৱতাৰো মূল্য নাই। একমাত্ৰ জ্ঞানেহে দিব পাৰে”মানুহ হোৱাৰ সৰ্বোৎকৃষ্ট প্ৰেৰণা।”(দাৰ্শনিক উইল ডুৰান্ট)


এক কথাত চাবলৈ গ’লে গ্ৰন্থইহে একোখন ৰাষ্ট্ৰক সুচাৰুৰূপে পৰিচালনা কৰি আছে। প্ৰত্যেক ৰাষ্ট্ৰৰ একোখন লিখিত সংবিধান থাকে। এইখন একোটা পৃষ্ঠা নহয়,একো একোখন গ্ৰন্থ।যাৰ নীতি নিয়ম অনুসাৰে ৰাষ্ট্ৰ পৰিচালিত হয়। সেইদৰে প্ৰত্যেক ধৰ্মৰ যি ধৰ্মগ্ৰন্থ সেই ধৰ্মগ্ৰন্থৰ ওপৰত আস্হা ৰাখিয়েই একোখন সমাজ সু-শৃংখলিত ভাৱে পৰিচালিত হয়। সাহিত্য, সংস্কৃতি, ৰীতি-নীতি, ঐতিহ্য, ভৱিষ্যৎ পৰিকল্পনা, বিজ্ঞানৰ নানা সূত্ৰ, অৰ্থনীতি, ৰাজনীতি, সমাজনীতি আদি বিভিন্ন দিশবোৰৰ সম্ভেদ গ্ৰন্থ অধ্যয়নৰ জড়িয়তে উচিতভাৱে পোৱা যায়।

সাহিত্য সৃষ্টি কৰিবলৈ হ’লেও গ্ৰন্থ অধ্যয়নৰ অতি প্ৰয়োজন।লেখক হোৱাৰ আগতে ব্যক্তিজন পাঠক হোৱাটো আৱশ্যক। বিভিন্ন বৰেণ্য ব্যক্তি সকলে নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লেখা গ্ৰন্থ সমূহ অধ্যয়নৰ পৰা বিচিত্ৰ কাহিনী জনাৰ উপৰিও সঠিক উপস্থাপন, ৰচনাশৈলী আদিৰ জ্ঞান লাভ কৰিব পাৰি। সাহিত্য জগতত সফলতা লাভ কৰা ব্যক্তিসকলৰ জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিলে এই কথা প্ৰতীয়মান হয় যে তেখেত সকল অধ্যয়ন পিপাসু ব্যক্তিত্বৰ গৰাকী।নৱপ্ৰজন্মই এই দিশবোৰ বিচাৰ কৰি গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈ জীৱন পথত সফলতা লাভৰ বাবে চেষ্টা কৰা উচিত।

এজন ব্যক্তিৰ বাবে সুন্দৰকৈ জীয়াই থাকিবলৈ যি দৰে টকা-পইচা, ঘৰ-বাৰী আদিৰ প্ৰয়োজন ঠিক সেইদৰে মানসিক দিশটোৰ সমৃদ্ধিৰ বাবে ভাল গ্ৰন্থ অধ্যয়ন কৰাটো সমানেই প্ৰয়োজন।নিজৰ জাতি, দেশখনৰ অতীতৰ অৱস্থা বা জাতি এটা জীয়াই থাকিবলৈ কৰা সংগ্ৰামৰ কথা জানিবলৈ আমি ইতিহাস বা ইতিহাসৰ তথ্য সমৃদ্ধ গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। সেইদৰে বিজ্ঞানৰ সত্য সমূহক শুদ্ধভাৱে জানিবলৈ আমি সেই সেই গ্ৰন্থ সমূহ অধ্যয়ন কৰিলে বিস্তৃত ভাবে জ্ঞান লাভ কৰিব পাৰোঁ।

যোৱা বছৰৰ গুৱাহাটী গ্ৰন্থ মেলাত অভিলেখ সংখ্যক গ্ৰন্থ বিক্ৰীয়ে এটা শুভ লক্ষণ কঢ়িয়াই আনিছে বুলি আশা কৰিব পাৰি। তদুপৰি প্ৰশাসনিক সেৱাৰ পৰীক্ষা সমূহত অসমৰ সন্তানৰ উল্লেখযোগ্য সফলতাক তেওঁলোকৰ প্ৰচুৰ গ্ৰন্থ অধ্যয়নৰ উপকাৰীতা হিচাপে গণ্য কৰিব পাৰি। সেয়েহে ক’ব পাৰি যে কেৱল ইন্টাৰনেট ব্যৱহাৰৰ দ্বাৰা জ্ঞান লাভ কৰিবলৈ চেষ্টা নকৰি গ্ৰন্থ অধ্যয়নৰ বাবে আগবাঢ়ি অহা উচিত।

মীনা দেৱী, গুৱাহাটী-১৪
মোবাইল নম্বৰ-৮৭২৩৯৭১২৭৪

Leave A Reply