আমাৰ সমাজত ৰাখী বন্ধনৰ প্ৰাংসগিকতা

0 1,232

অনামিকা ঠাকুৰীয়া

ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়। কিন্তু ৰাখী বন্ধনৰ এই উৎৱসটো কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে যদিও পুৰণি  আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ কৰিছিল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিলছিল। আৰু বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিছিল। আৰু সিদিনাখন সংযোগ ক্ৰমে  শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু তাৰ পৰায়ে কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে। আৰু মহাভাৰতৰো আখ্যান মতে- কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। আৰু তেতিয়াৰ পৰাই কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হৈছিল। ৰাখী বন্ধন হৈছে ভাৰতৰ এটা উৎসৱ। আৰু এই উৎসৱটি অতীজৰে পৰা শাওণ মাহৰ পূণিমা তিথিত পালন কৰা হয়। হিন্দু, জৈন, শিখ আদিৰ ধৰ্মৰ লোকসকলে এই উৎসৱটি উদ্‌যাপন কৰে। ভাৰতবৰ্ষত ৰাখী বন্ধন উৎসৱটি  অতি পুৰণি যদিও আমাৰ অসমীয়া সমাজত কিছু বছৰৰ পৰাহে এই উৎসৱটি উদ্‌যাপন কৰা হৈছে। ৰাখী বন্ধন এই উৎসৱটি ভাতৃ আৰু ভগ্নী বাবে এটা পবিত্ৰ দিন বুলি কোৱা। কিয়নো সেই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ আৰু ভগ্নীৰ মাজৰ মৰম-চেনেহ, আত্মীয়তা, একতা, শ্ৰদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা। সেইবাবে কোৱা হয় ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয় ৰাখীবন্ধন মানে হৈছে ভাতৃ আৰু ভগ্নী মাজৰ এক মৰমৰ বান্ধোন। সংস্কৃতি মূলীয় শব্দ ৰাখীৰ অৰ্থ হৈছে “সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন”। বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক  দিনে বৃদ্বি পাইছে। বিশেষকৈ বৰ্তমান সময়ত ৰাখী বন্ধনৰ প্ৰাসংগিকতা নিশ্চকৈ নুই কৰিৱ নোৱাৰি। কিয়নো তেজৰ সম্পৰ্কৰ ভাতৃ আৰু ভগ্মীৰ মাজতে এই উৎসৱটো সীমাদ্ধতা নাথাকি সম্পৰ্কীয় তথা দূৰ-সম্পৰ্কীয় মাজতো অতিশয় প্ৰচলিত এই উৎসৱটিয়ে  বৰ্তমান সমাজত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কিয়নো সদায় হত্যা, হিংসা, বিভেদেৰে পৰিপূৰ্ণ হৈ থকা বৰ্তমান সমাজখনলৈ যেন এনেবোৰ উৎসৱৰ আগমনে ভাৰতীয় লোকসকলৰ মাজত ভাতৃত্ব আৰু ভগ্নীসুলভ প্ৰীতিৰে সমাজখনলৈ এক ইতিবাচক পৰিবৰ্তন কঢ়িযাই আনক।