Breaking

সালসলনি কৰা হ’ল বিটিচিৰ সদনৰ অধিবেশনৰ কাৰ্যক্ৰমনিকা …

0 2,034

বিটিচিৰ বিধান পৰিষদৰ অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে সদনৰ কাৰ্যক্ৰমনিকাৰ সালসলনি ঘটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিচিৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে ।আজি কোকৰাঝাৰত অনুষ্ঠিত অনুষ্ঠিত হোৱা এক সংবাদমেলত বিটিচিৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে কয় যে অহা ৪ আৰু ৫ এপ্ৰিলত বিটিচিৰ দুদিনীয়া কাৰ্যসূচীৰে বাজেট অধিবেশন সম্পন্ন হব ।

পৰম্পৰা অনুসৰি বিটিচিৰ বাজেট অধিবেশনত প্ৰথমতে প্ৰশ্নত্তোৰ শিতান আছিল কিন্তু এইবেলি সেই পৰম্পৰা ভংগ কৰি প্ৰশ্নোত্তোৰ শিতান শেষৰফালে ৰখাক কেন্দ্ৰ কৰি বিটিচিৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে প্ৰশ্ন কৰাৰ সুযোগ হেৰুওৱাৰ আশংকা ব্যক্ত কৰে ।আনহাতে বিটিচিৰ অন্তৰ্গত বহু সংখ্যক বিদ্যালয়ৰ কেবাশতাধিক শিক্ষকে বাজেট নোহোৱাৰ বাবেই ফেব্ৰুৱাৰী মাহৰ পৰাই দৰমহা নোপোৱাত প্ৰতিক্ৰিয়া ব্যক্তি কৰি এয়া চৰকাৰৰ হেমাহি আৰু শিক্ষকসকলে দৰমহা কেতিয়াকে পাব সেয়া স্পষ্ট কৰি দিবলৈ আহ্বাব জনাইছে ।

বিটিচি চৰকাৰক মিছলীয়া আখ্যা দি বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰীয়ে এনডিএফবি সকলক পথণৰসংস্থাপন দিয়াৰ ক্ষেত্ৰতো প্ৰমোদ বড়ো চৰকাৰ ব্যৰ্থ বুলি মন্তব্য প্ৰকাশ কৰিছে । আন্তগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰে একোৱেই কৰিব পৰা নাই বুলিও উল্লেখ কৰিছে বিটিচিৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে ।

Leave A Reply