Breaking

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ তিনিকুৰিৰোধিক পৰিয়ালৰ বাসগৃহ : পৌৰ নিৰ্বাচনৰ প্ৰাকমূহুত্বত দিয়া প্ৰতিশ্ৰুতি পাহৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই…

0 43

ঐতিৰ্যমণ্ডিত নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ ওপৰ নাজিৰা অঞ্চলকে ধৰি কুমাৰ গাওঁ , চানবছা , সন্দিকৈ , কমাৰ গাওঁ, বাউলী মৈদাম , সোন্দৰ পুখুৰী আদি এলেকাৰ শতাধিক পৰিয়ালৰ ঘৰ – দোৱাৰ , কৃষি ভূমি দিখৌ নদীৰ বুকুত ইতিমধ্যে জাহ গৈছে । অৱশিষ্ট যি কেইটা পৰিয়ালৰ গৃহ , কৃষি ভূমি বাকী আছে সেইসমূহো দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে । ক্ষতিগ্ৰস্ত পৰিয়ালে জীৱন আৰু সম্পত্তি ৰক্ষাৰ আশংকাত পৰি সামৰ্থৱান লোক কেইঘৰ মানে অন্য স্থানত মাটি ক্ৰমে কৰি ঘৰ সাজি বসৱাস কৰিছে যদিও শ শ পৰিয়াল এতিয়াও ভয়াৱহ জীৱন – যাপন কৰিব লগাত পৰিছে । চৰকাৰে ভূমিহীন আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ বাবে বহু সময়ত বহু আচঁনি গ্ৰহণ কৰি বাচকবণীয়া পৰিয়ালক সংস্থাপিত কৰিছে যদিও নাজিৰা সমষ্টিৰ এই সমূহ পৰিয়ালৈ দৃষ্টি নিক্ষেপ কৰিবলৈ আহৰি পোৱা নাই । বিগত পৌৰসভা নিৰ্বাচনৰ প্ৰাকমূহুত্বত জলসম্পদ আৰু বাননিয়ত্ৰণ মন্ত্ৰী পিয়ুষ হাজৰিকাই নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ ওপৰ নাজিৰা অঞ্চলত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি অঞ্চলটোৰ প্ৰায় তিনিকুৰিৰোধিক পৰিয়াল দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম দেখা পাই এই পৰিয়াল সমূহক এসপ্তাহৰ ভিতৰত তথা পৌৰ নিৰ্বাচনৰ পিছতে অন্য স্থানত ভূমি আৱণ্টনেৰে পুনৰ সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । এই প্ৰতিশ্ৰতি পাই এক নং ৱাৰ্ডৰ নাগৰিকে কোনো যোগ্যতা বিবেচনা নকৰি বি জে পিৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়ী কৰায় ।

কিন্তু চৰম পৰিতাপৰ বিষয় নাজিৰা পৌৰসভা বি জে পি দলৰ দখললৈ অহাৰ পিছত আজি দুটা বছৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া প্ৰতিশ্ৰুতি পাহৰিলে । পুনৰ সংস্থাপিত কৰাটো দূৰৰে কথা অঞ্চলটোৰ দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবেও কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । স্থানী যা ৰাইজে দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু দিখৌৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱা পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ বাবে চৰকাৰী কৰ্তৃপক্ষক আবেদন – নিবেদন কৰি আহিছে যদিও কোনো সুফল পোৱা নাই । অৱশেষত সদৌ অসম অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ নেৰ্তৃত্বত এটা সজাতি দলে ওপৰ নাজিৰা অঞ্চল পৰিভ্ৰমণ কৰে আৰু অনুসূচীত জাতিৰ এই লোক সকলক নদীৰ বুকুত জাহ যাবলৈ এৰি দিয়া তথা মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চৰম ব্যৰ্থ হোৱাত আক্ষেপ প্ৰকাশ কৰে । চলিত সপ্তাহৰ ভিতৰত ওপৰ নাজিৰা অঞ্চলৰ এই দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱা পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ লগতে দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰিলে সদৌ অসম অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদে জনগণৰ জীৱন – সম্পত্তি সুৰক্ষিত কৰাৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে।

Leave A Reply