Breaking

তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠিত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ অসমভিত্তিক শিশু নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

0 36

গুৱাহাটী শিশু নাট্য বিদ্যালয়ে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে অসমৰ তিনিটা অঞ্চলত আয়োজন কৰা সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতাখনিৰ তেজপুৰ জ’নৰ প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷

অসমৰ বিভিন্ন জিলাৰ মুঠ ২০টা শিশু নাট্য দলৰ যোগদানৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ৰঙ্গমঞ্চত যোৱা ১৯-২০আগষ্টত আয়োজন কৰা হৈছিল অসমভিত্তিক শিশুনাট প্ৰতিযোগিতাৰ প্ৰথমটো মাণ্ডলিক কাৰ্যসূচী৷


গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মানিক ৰয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এই শিশু নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে৷ শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই উদ্ধোধন কৰা নাট প্ৰতিযোগিতাখনৰ ১৯আগষ্টৰ আৰম্ভণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল তেজপুৰ সমষ্টিৰ বিধায়ক অভিনেতা -গায়ক পৃথ্বীৰাজ ৰাভা৷

প্ৰতিযোগিতাখনৰ ঘোষিত ফলাফল অনুসৰি প্ৰথম শ্ৰেষ্ঠ নাট্যদল বৰঙাবাৰী, বিশ্বনাথৰ ‘বাট থিয়েটাৰ'(নাটক “নিগনিৰ দৌৰ”), দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল লখিমপুৰৰ ‘পূবেৰুণ মইনা পাৰিজাত'(নাটক “কুৰুক্ষেত্ৰত খেলিমেলি”) , তৃতীয় শ্ৰেষ্ঠ নাট্যদল বিশ্বনাথ চাৰিআলিৰ ‘নাট্য প্ৰশিক্ষণ কেন্দ্ৰ’ (নাটক “মেইন ভাওঁ কোনে ল’ব” )৷

সেইদৰে শ্ৰেষ্ঠ অভিনেতা ক্ৰমে প্ৰথম আয়ুষ্মান নেওগ (নাটক ”ঔগুৰিৰ খেল”) দ্বিতীয় উদ্দীপন দাস(নাটক ”গোবৰ্দ্ধনৰ গোপাল), তৃতীয় অবিনাশ ভৰদ্বাজ (নাটক ‘ত্যাগ’)৷ফলাফল অনুসৰি প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী নৱনিশা বৰা (নাটক ”ভেকোলা মহাজনৰ বিলৈ”), দ্বিতীয় গৰিমা হাজৰিকা(নাটক ”কুৰুক্ষেত্ৰত খেলিমেলি” )আৰু তৃতীয় গ্ৰীতৃষ্ণা মহন্ত (নাটক ”মেইন ভাওঁ কোনে ল’ব” )৷

আনহাতে নাট প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে কাৰ্বিআংলঙৰ অসম নাট্য সন্মিলনৰ লাংহিন শাখা(নাটক ”আমি মানুহ হ’ম মানুহৰ পূজাৰী” )আৰু শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ অৰ্জন কৰে পূবেৰুণ মইনা পাৰিজাতৰ নিতুল ডেকাই(নাটক কুৰুক্ষেত্ৰত খেলিমেলি),দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক পংকজ ৰাজখোৱা(নাটক ভেকোলা মহাজনৰ বিলৈ)তৃতীয় শ্ৰেষ্ঠ পৰিচালক সন্তৰাম দাস(নাটক ”বনভোজৰ বৰভুল”)৷

শ্ৰেষ্ঠ নাট্যকাৰ নগাওঁ ৰাইদঙ্গীয়াৰ জোনাকী পৰুৱা নাট্যদলৰ অঞ্জন ভূঞা(নাটক ”গোহালি ঘৰৰ দূৰদৰ্শন), দ্বিতীয় বাবুল বৰঠাকুৰ(নাটক যোগ-বিয়োগ),তৃতীয় ৰিপন শইকীয়া(নাটক ”জোনাকীৰ পৃথিৱী”)।


শ্ৰেষ্ঠ সংগীত পৰিচালক দাধৰা ৰূপজ্যোতি মইনা পাৰিজাতৰ শুভ্ৰজ্যোতি বৰা (নাটক “ভেকোলা মহাজনৰ বিলৈ ”) ,শ্ৰেষ্ঠ আলোকসজ্জা বিশ্বনাথ চাৰিআলি পঞ্চতাৰকাৰ মাইনু শইকীয়া(নাটক ”কৰিশ্মা আহি আছে” ), শ্ৰেষ্ঠ দৃশ্যসজ্জা তেজপুৰ কেতেকীবাৰীৰ “ৰূপসজ্জা ডলফিন কলা নিকেতন”ৰ ৰঞ্জিত ভৰালী(নাটক ‘ত্যাগ’), শ্ৰেষ্ঠ ৰূপসজ্জা জ্যোতিনগৰৰ জে বি ফাউণ্ডেচনৰ দিব্যজ্যোতি নাথ৷অনুৰূপা ডেকাৰজা,লুইত বৰুৱা আৰু সঞ্জীৱ বুঢ়াঁগোহাই বিচাৰক হিচাপে উপস্থিত থকা দুদিনীয়াকৈ অনুষ্ঠিত এই নাট প্ৰতিযোগিতাত তেজপুৰৰ বহু নাট্যপ্ৰেমী দৰ্শক ৰাইজে নাট উপভোগ কৰিছিল৷

অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে গুৱাহাটী শিশু নাট্যবিদ্যালয়ৰ সভাপতি,অসম শিশু সাহিত্য ন্যাসৰ সচিব বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী,বাণ থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰী, পৰিচালক-অভিনেতা ভূপেন শৰ্মাৰ লগতে উপস্থিত আছিল নাট্যকাৰ জিতেন শৰ্মা,নাট্যকাৰ শোভেশ্বৰ দাস,সাংস্কৃতিক কৰ্মী ৰাজকুমাৰ দাস আদি প্ৰমুখ্যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ একাংশ সদস্য আৰু বিষয়বীয়া৷

আনহাতে অহা ২৬-২৭আগষ্টত নলবাৰী আৰু ৯-১০ছেপ্তেম্বৰত শিৱসাগৰ মণ্ডলত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা আন দুখন সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷

Leave A Reply