Breaking

ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰণৰ দাবীত দুধনৈৰ পৰা ধূপধৰা লৈ আৰছুৰ পদযাত্ৰা

0 147

নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচীৰ দাবী সমিতিৰ যৌথ আহ্বানত আৰু গোৱালপাৰা জিলাৰ তিনিওটা ৰাভা সংগঠনৰ সহযোগত লগতে ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰণ আৰু ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত আজি ৰূপায়ণ কৰে পদযাত্ৰা কাৰ্যসূচী।

আজি পুৱা প্ৰায় সাত বজাত তিনিওটা ৰাভা সংগ্ৰামী সংগঠনৰ নেতৃত্বত দুধনৈস্থিত ষষ্ঠ অনুসূচীৰ দাবী সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ধূপধৰালৈ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰম্ভ কৰা হয় এই পদযাত্ৰা৷ পদযাত্ৰাৰ শুভাৰম্ভ কৰে ষষ্ঠ অনুসূচীৰ দাবী সমিতিৰ সভাপতি দশানন ৰাভাই।


আন্দোলনকাৰী সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ ‘ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক’, ‘ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভা লোকসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন কৰক’, ‘আমাৰ দাবী ন্যায্য দাবী’, ‘আমাক ন্যায় দিয়ক, ন্যায় দিয়ক’ ‘ষষ্ঠ অনুসূচী আমাক লাগিবই’, ‘No sixth shedule no rest’, ‘ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ’, ‘নিখিল ৰাভা ছাত্র সন্থা জিন্দাবাদ’ ‘নিখিল ৰাভা মহিলা পৰিষদ জিন্দাবাদ’, ‘ষষ্ঠ অনুসূচী দাবী সমিতি জিন্দাবাদ’, ‘আমাৰ দাবী মানিবই লাগিব’ আদি শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি শ শ পুৰুষ-মহিলাই দুধনৈৰ পৰা ধূপধৰালৈ প্ৰায় ত্ৰিশ কিলোমিটাৰ পথ পদযাত্ৰা কৰে।

ইপিনে পদযাত্ৰাৰ আৰম্ভণিতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাই কয় যে ৰাভা হাছঙক শীঘ্ৰে ষষ্ঠ অনুসূচী নিদিলে আগন্তক লোকসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব সংগ্ৰামী ৰাভা সংগঠনে ৷ অকল লোকসভা নিৰ্বাচনেই নহয়, বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনতো প্ৰত্যুত্তৰ দিবলৈ সাজু আছে ৰাভা সকলে।

নিখিল ৰাভা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে অতি শীঘ্ৰে অসম চৰকাৰে ষষ্ঠ অনুসূচীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ লগতে ৰাভা সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰক। অন্যথা ৰাভা সংগ্ৰামী সংগঠনে ৰাভা জনগোষ্ঠীটোৰ স্বাৰ্থত আন্দোলন চলাই যাব।

ৰাভা হাছঙক শীঘ্ৰে ষষ্ঠ অনুসূচী প্ৰদানত গুৰুত্ব নিদিলে ৰাভা হাছঙত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ৰাভা সংগ্ৰামী সংগঠন সমুহে ৷ উল্লেখযোগ্য যে বিজেপি চৰকাৰৰ সৈতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি মিত্ৰতাত থকাৰ পিছতো আজিলৈ ৰাভা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ অসম চৰকাৰৰ বিৰুদ্ধে।

Leave A Reply

Your email address will not be published.