Breaking

উত্তৰ অভয়াপুৰীত আই- মানাহৰ ৰূদ্ৰ ৰূপ।প্লাবিত অৰ্ধ শতাধিক ৰাজহ গাঁও

0 1,028

যোৱা কেইবাদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত আই আৰু মানাহ নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্লাবিত কৰিলে ন ন অঞ্চল। আই আৰু মানাহ নৈৰ পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত অৰ্ধ শতাধিক ৰাজহ গাওঁ ।মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত লুংঝাৰ, ধুপুৰী, নোৱাপাৰা, ভাণ্ডাৰা, জামদহা জলমগ্ন ।সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত ২ নং বাশবাৰী, নাম্বাৰপাৰা, বাংলাপাৰা, বালাৰচৰ, গোলাপাৰা, জপেয়া, মূলবাৰী আদি অঞ্চল জলমগ্ন। মানাহ নৈৰ পানীৰ তলত নাম্বাৰপাৰাত অনুষ্ঠিত কৰা নিউ ববী চাৰ্কাছ। ইফালে গেৰুকাবাৰী – জামদহা ৰাস্তাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বানাক্ৰান্ত লোকসকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

পহুধনৰ মাজত খাদ্য সংকটে দেখা দিছে। জিলা প্ৰশাসনক বানাক্ৰান্ত লোকসকলৰ সহায় কৰাৰ আহ্বান জনাইছে।
আনহাতে আই নৈৰ গৰাখহনীয়া অব্যাহত আছে। বাশবাৰীত পুনৰ ৰাতিপুৱাৰ পৰা আই নৈয়ে সন্ত্ৰাস চলাইছে। ৰাতিপুৱা উঠোৱাই নিয়ে মহন্ত মণ্ডলৰ ঘৰবাৰী।

Leave A Reply