Breaking

সদৌ অসম উন্নয়ন পৰিষদৰ নুনমাটি বামুনীমৈদাম আঞ্চলিক গঠন ।

0 2,068

ৰবিবাৰে সদৌ অসম উন্নয়ন পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাতে সংগঠনটোৰ নুনমাটি-বামুনিমৈদাম আঞ্চলিক সমিতিখন গঠন কৰা হয় । কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা এই সভাত কেন্দ্ৰীয় সাধাৰন সম্পাদক চন্দন বৰদলৈ, সম্পাদক জয়ন্ত গগৈ, ক্ৰীড়া সম্পাদক শান্তনু শইকীয়া, কামৰূপ জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম বৰদলৈ, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি কৌশিক বৰাৰ লগতে বিভিন্ন বিষয়ববীয়াসকল উপস্হিত অাছিল । কালি ৰবিবাৰৰ এইখন সভাতে ডেৰ শতাধিক সদস্যই  উন্নয়ন পৰিষদত যোগদান কৰে । পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কালিৰ সভাত নিজৰ ভাষণত সকলোকে জাতিৰ প্ৰতি দায়বদ্ধ হৱলৈ অাহ্বান জনায় । অসমীয়া ভাষা সৰ্বষ্টৰত প্ৰয়োগ অাৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক অাৰ্থ সামাজিক উন্নয়নৰ দিশত মনোনিৱেশ কৰিবৰ বাবে অাহ্বান জনায় সভাপতি গৰাকীয়ে । ইয়াৰ লগতে কালি এই সভাতে ৩১ জনীয়া এখন শক্তিশালী নুমমাটি-বামুনিমৈদাম আঞ্চলিক সমিতি গঠন কৰা হয় । অাগন্তুক দিনত এই নতুন সমিতিখনে ৰাইজৰ স্বাৰ্থত কাম-কাজ কৰিব বুলি অাশা প্ৰকাশ কৰিছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ সমনিতে অন্য বিষয়ববীয়া সকলে।

Leave A Reply