Breaking

একেটা পথকে দুবাৰকৈ আধাৰ শিলা স্হাপন মন্ত্ৰী যোগেন মহনৰ

0 1,099

বি জে পি নেৰ্তৃত্বাধীন মিত্ৰজোঁটৰ বিগত চৰকাৰৰ দিনৰে পপৰা বৰ্তমানৰ চৰকাৰেও জনগণৰ সমস্যা সমাধান তথা সৰ্বাঙ্গীন উন্নয়নৰ বাবে বহু আচনি প্ৰস্তুত কৰি লক্ষ লক্ষ টকা আৱণ্টন দিয়া বুলি জয়ঢোল কোবাই আহিছে যদিও কাৰ্য ক্ষেত্ৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সেই আচনিসমূৰ বেছিভাগৰে আৱণ্টিত ধন অন্তধ্যান হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ এক জলন্ত নিৰ্দশন নাজিৰা মহকুমাৰ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত এটা অতি জৰাৰ্জীণ পথ । ঐতিহাসিক গড়গাঁৱৰ পৰা ধোদৰ আলি সংযোগী আতনপুৰ ( মিলনপুৰ ) পথটো পুনৰ নিৰ্মাণৰ বাবে ২০১৭ চনৰ পৰা ২০২১ চনলৈকে দুবাৰ চৰকাৰী ধন আৱণ্টন কৰি দুবাৰকৈ আধাৰশিলা কৰাৰ পিছতো সুদীৰ্ঘ ৫ টা বছৰেও পথটো নিৰ্মা কাৰ্য  আৰম্ভ কৰা নহ’ল । অসম চৰকাৰৰ পথ মেৰামতি শিতানত অনুমুদিত ২০১৬ – ১৭ বৰ্ষৰ অধীনত ৪৪৪ কি : মি : দৈৰ্ঘ্যৰ  এই আতনপুৰ ( মিলনপুৰ ) পথৰ নিৰ্মাণৰ বাবে ১০ লাখ টকা আৱণ্টন কৰি ২০১৭ বৰ্ষৰ ২৮ জুনত নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে । আধাৰশিলা কৰাৰ সময়লৈকে সকলো ঠিকেই হ’ব বুলি ৰাইজে আশা কৰিছিল যদিও পথটো নিৰ্মাণৰ ঠিকা আৱণ্টন পোৱাৰ পিছতো বিগত বিধান সভা নিৰ্বাচনৰ প্ৰাক মূহুত্বলৈকে সংশ্লিষ্ট ঠিকাদাৰে পথটো নিৰ্মাণ নকৰিলে।

ৰহস্যজনক ভাৱে সেই আৱণ্টিত সমুদায় ধন হৰলুকি হ’ল । ৰাইজৰ আবেদন – নিবেদন তথা অভিযোগৰ প্ৰতি সহাৰি জনাই পুনৰ একেটা পথ নিৰ্মাণৰ বাবে এছ অ’ পি ডি ( জি ) আঁচনিৰ অধীনত পূৰ্বৰ দৰে ধন আৱণ্টন কৰাই ২০২১ চনত তেতিয়াৰ ৰাজহ , দূৰ্যোগ প্ৰশমন আৰু লোক নিৰ্মাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে বিগত বিধান সভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য বন্ধ হোৱাৰ প্ৰাক মূহুত্বত বিগত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীত সন্ধিয়া সময়ত ততাতৈয়াকৈ আধাৰশিলা স্থাপন কৰে । কিন্তুু দূৰ্ভাগ্যৰ বিষয় যে একেটা পথৰ বাবে দুবাৰকৈ চৰকাৰী ধন আৱণ্টন কৰাই দুবাৰকৈ আধাৰশিলা স্থাপন কৰাৰ পিছতো আজিলৈকে পথটো নিৰ্মাণ কাৰ্য আৰম্ভ নহ’ল । স্থানীয় ৰাইজে ঐতিহাসিক গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই আতনপুৰ ( মিলনপুৰ ) পথটো নিৰ্মাণৰ বাবে আৱণ্টিত ধন ক’ত হৰলুকি হৈছে তাৰ উচিত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰি শীৰ্ঘ্ৰে পথটো পুনৰ নিৰ্মাণ নকৰিলে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক সকিয়াই দিছে ।

Leave A Reply