Breaking

কংগ্ৰেছত সনাতনী সত্তা লাহে লাহে নোহোৱা হৈ পৰিছে ! যাৰ ফলত নেতাসকলে মোহ ভংগহৈ বিজেপিমুখী হৈ পৰিছেঃ সাংসদ দিলিপ শইকীয়াৰ মন্তব্য…

0 12


কংগ্ৰেছত সনাতনী সত্তা লাহে-লাহে নোহোৱা হৈ পৰিছে । যাৰ বাবে সনাতনী সত্তাত বিশ্বাসী কংগ্ৰেছ নেতাসকল মোহ ভংগ হৈ বিজেপি মুখী হৈ পৰিছে । শেষত গৈ কংগ্ৰেছত দুই-তিনিজন নেতা আৰু দুই -তিনিটা পৰিয়াল হে থাকিব বুলি কটাক্ষ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ । সোমবাৰে নিশা ওদালগুৰিৰ ওৰাঙত বিজেপি,অগপ আৰু ইউপিপিএলৰ যৌথ প্ৰস্তুতি সভা অনুষ্ঠিত হয় । সভাত দিলীপ শইকীয়াই কংগ্ৰেছ নেতা গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় । গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ A টিম আৰু B টিমৰ সৈতে মুল যুজখন হ’ব বুলি মন্তব্য কৰাৰ পাছতে গগৈক উভতি ধৰে দিলীপ শইকীয়াই । প্ৰথমে গৌৰৱ গগৈয়ে স্পষ্ট কৰক তেওঁ কংগ্ৰেছৰ কোনটো টিমৰ সৈতে আছে ? কংগ্ৰেছ দলটোক ক্ৰিকেট খেলৰ ষ্টাম্পৰ সৈতে তুলনা শইকীয়াৰ । আগবেলা গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলোৱা অত্যন্ত বিশ্বাসী মানস বৰা সন্ধিয়াত বিজেপি দলত যোগদান কৰিলে । কংগ্ৰেছৰ ষ্টাম্পৰ অৱস্থায়ে নাই বুলি তীব্ৰ কটাক্ষ দিলীপ শইকীয়াৰ ।ইফালে বিজেপিক ভোট দিয়া জন জাতিদ্ৰোহী, মহাপাপী বুলি মন্তব্য কৰা বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োকো প্ৰত্তোত্বৰ দিলীপ শইকীয়াৰ । দুৰ্গা দাস বড়োক দল বাগৰা নেতা আখ্যা বিজেপি প্ৰাৰ্থী গৰাকীৰ । দুৰ্গা দাস বড়োক নিষ্পাপী হৈ থকাৰ শুভেচ্ছাও জ্ঞাপন কৰিলে দিলীপ শইকীয়াই

আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ক্ৰমাত তীব্ৰ হৈ পৰিছে প্ৰচাৰ অভিযান।দলীয় সভা সমিতিৰে ৰাজনৈতিক দল সমূহে অব্যাহত ৰাখিছে নিৰ্বাচনী তৎপৰতা।ওৰাঙত বিজেপি ,ইউ পি এল আৰু এ জি পি মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হৈ যায়।এই সভাতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মাজবাট বিধান সভা সমষ্টি কেন্দ্ৰীক এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠণ কৰা হ’য়। ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নিলোৎ স্বৰ্গীয়াৰীক সভাপতি আৰু ৩৯ নং পাচঁনৈ চেৰফাং পাৰিষদীয় সমষ্টিৰ এম চি এল এ দিপক মৌৰক মুখ্য আহ্বায়ক হিচাপে লৈ নিৰ্বাচনী পৰিচালনা সমিতি খন গঠণ কৰা হ’য়। সভাত তিনিওটা দলৰে উপস্থিত শীৰ্ষ নেতৃত্বই দলীয় কৰ্মকৰ্তা সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।


এই সভাতে বিটিআৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী,এজিপি দলৰ কেন্দ্ৰীয় আৰু জিলা কৰ্মকৰ্তা , দৰং ওদালগুৰি লোক সভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া,ইউপিপিএল দলৰ জিলা সভাপতি ৰবিন্দ্ৰ বসুমতাৰী,বিজেপিৰ জিলা সভাপতি সূনিল বসুমতাৰী,বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু কিষান,পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীবন ডেকা আদিৰ লগতে মিত্ৰজোটৰ তিনিওটা দলৰে বহু কৰ্মী উপস্থিত থাকে। আনহাতে সভাত অংগ্ৰহন কৰি সাংসদ দিলিপ শইকীয়াৰ বক্তব্য এইদৰে – লুইছ বাৰ্জাৰ কাপোৰ ক্ৰয়ৰ পৰিৱৰ্তে সাধাৰণ কাপোৰ চিলাই লোৱাৰ পৰামৰ্শ সাংসদ দিলীপ শইকীয়াৰ । মুল্য বৃদ্ধিৰ পৰা সকাহ পাবলৈ ওৰাঙত এই মন্তব্য নেতা গৰাকীৰ । পুনৰ ৮০০ বিধ জীৱন দাইনি ঔষধৰ মূল্য বৃদ্ধিক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত উপায় দিলে দিলীপ শইকীয়াই । ব্ৰেণ্ডেড কাপোৰ ক্ৰয় কৰিলে দাম বৃদ্ধিৰ অনুভৱ হ’বই । তাৰ পৰিৱৰ্তে সাধাৰণ কাপোৰ চিলাই ললে দাম কম পৰিব । আনহাতে পেটৰ ভোক মচিবলৈ চিংৰা খালেই মচিব ৷পিজ্জা খালে GST দিব লাগিব বুলিও পোনৰ দোহাৰিলে সাংসদ গৰাকীয়ে । ঔষধৰ মূল্য বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মেডিকেল কলেজ হস্পিতাললৈ বিনামূলীয়াকৈ ঔষধ দিয়াৰ ব্যৱস্থা আছে ৷জেনেৰিক ঔষধটো ফাৰ্মাচীত ৫০%লৈ সকাহ দিয়াৰ ব্যৱস্থা আছে তাৰ পৰা সকাহ পাব গ্ৰাহকে বুলি পৰামৰ্শ দিলীপ শইকীয়াৰ ।

Leave A Reply