Breaking

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হয় চতিয়া ৰত্ন

0 2,060

চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাক চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হোৱা বিশাল জনসমাবেশৰ মাজত প্ৰদান কৰা হয় চতিয়া ৰত্ন সন্মান । সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে সামাজিক জীৱনৰ পাতনি মেলা পদ্ম হাজৰিকাই অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । আন্দোলনৰ সময়ত চৰকাৰী পক্ষৰ পৰা নানান  নিৰ্যাতনৰ সন্মুখিন হোৱা পদ্ম হাজৰিকাই ১৯৯৫ চনত অসম গনপৰিষদ দলত যোগদান কৰি ৯৬ চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু বৰ্তমানলৈকে তেওঁ চতিয়া সমষ্টিৰ পৰা ২০ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আছে । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলত যোগদান কৰে পদ্ম হাজৰিকাই । প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচৰে পৰা চতিয়া সমষ্টিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে পদ্ম হাজৰিকাই । পদ্ম হাজৰিকাই কণ্যকাৰ জৰিয়তে আৰম্ভ কৰিলে নতুন অভিযান। কণ্যকাৰ জৰিয়তে চতিয়া সমষ্টিত নিৱনুৱা যুৱক যুৱতী সকলৰ মূখলৈ হাঁহিৰ ৰেঙনি কঢ়িয়াই আনিছে । এইজন জনপ্ৰিয় বিধায়ক ৰাজনৈতিক নেতাক আজি দৱা,  কাহ,উৰুলী,  শংখ, হৰ্ষধ্বনিৰ মাজৰে প্ৰদান কৰিলে চতিয়া ৰত্ন। আজিৰ এই অনুষ্ঠানৰ সভাপতিত্ব কৰে চতিয়া নাগৰিক সভাৰ সভাপতি ভৱ শইকীয়াই।পদ্ম হাজৰিকাৰ বাল্য বন্ধু  ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধক্ষ্য ড:অঞ্জন ওজাই পদ্ম হাজৰিকাৰ বাল্যকালৰ স্মিতী ৰোমন্থন কৰি কয় হাজৰিকাই সৰুৰে পৰাই নেতৃত্ব দিয়াৰ গুণৰ অধিকাৰী আছিল। আজিৰ অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰীকা পদ্ম হাজৰিকাৰ বাল্য বন্ধু অসম অসামৰিক সেৱাৰ বিষয়া চৰাইদেউ জিলাৰ প্ৰাক্তন উপাযুক্ত দিপক সন্দিকৈ উপস্থিত থাকে।

Leave A Reply