Breaking

চৰাইচোং উৎসৱত প্ৰকাশ হ’ব অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ দ্বিতীয়খন সংকলন ! কবিতা বিচাৰি আবেদন…

0 64

চৰাইচোং উৎসৱত প্ৰকাশ হ’ব
অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ দ্বিতীয়খন সংকলন :—
কবিতা বিচাৰি আবেদন

‘মাজুলী সাহিত্য’ৰ উদ্যোগত আৰু সৰ্বস্তৰৰ ৰাইজৰ সহযোগত ‘চৰাইচোঙ’ৰ ৩৯০ বছৰীয়া ঐতিহ্যক সুঁৱৰি “স্বৰ্গদেউ প্ৰতাপ সিংহ ক্ষেত্ৰ” ভকতিদুৱাৰ, মাজুলীত অহা ইংৰাজী ০৯ ১০ আৰু ১১ মাৰ্চ/২০২৪ তাৰিখত বৰ্ণাঢ্য কাৰ্যসূচীৰে “চৰাই চোং উৎসৱ” অনুষ্ঠিত হ’বলৈ গৈ আছে ৷ এই উৎসৱৰ মূল লক্ষ্য— পক্ষীকুলক সুৰক্ষা দিয়া ৷ পৰিভ্ৰমী আৰু থলুৱা চিন অচিন হাজাৰ-বিজাৰ চৰাইৰ মধুৰ কলৰৱত সততে মুখৰ মাজুলীৰ আকাশ, জলাহভূমি, নৈ, চৰ-চাপৰি, হাবি-বন ইত্যাদি শেহতীয়া কেইটামান দশকৰ ভিতৰতে একৰকম নীৰৱ নিস্তব্ধ হৈ পৰিছে ৷ দেশৰ অন্য ঠাইৰ লগতে মাজুলীতো যি নিৰ্বনানীকৰণ তথা পাৰিপাৰ্শ্বিক অৱক্ষয় সংঘটিত হৈছে ই তাৰেই ফলাফল ৷ ইতিমধ্যেই সাহিত্যৰ বিভিন্ন ধাৰা— নাটক উপন্যাস গল্প আৰু শেহতীয়াকৈ কবিতাইও পাৰিপাৰ্শ্বিক সুৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধিৰ হ’কে কাম কৰি আছে ৷ যদিও অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ আন্দোলনটো চালুকীয়া পৰ্যায়তে আছে তথাপি অতিসম্প্ৰতি অসমীয়া পাৰিপাৰ্শ্বিক কবিতা (Assamese eco-poem) ই দ্ৰুত জনপ্ৰিয়তা লাভ কৰিছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া তথা বিশিষ্ট কবি, অনুবাদক প্ৰকল্প ৰঞ্জন ভাগৱতীৰ নিৰলস প্ৰচেষ্টা আৰু সম্পাদনাত প্ৰথমখন অসমীয়া পাৰিপাৰ্শ্বিক কবিতা সংকলন যোৱা বছৰ ডিচেম্বৰ মাহত ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলাত পাঠকৰ বাবে ওলাই আহিছিল ৷ অসম পাবলিচিং কোঃ ৰ দ্বাৰা প্ৰকাশিত সংকলনখনিৰ সকলোবোৰ কপি দুটা মাহৰ ভিতৰতে বিক্ৰী হৈ যোৱাৰ অন্তত বৰ্তমান দ্বিতীয় সংস্কৰণৰ কাম চলি আছে ৷ চৰাই চোং উৎসৱৰ উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে যে, অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ দ্বিতীয়খন সংকলন প্ৰকৃতিৰ ৰম্যপুৰী মাজুলীৰ পৰা, চৰাই চোং উৎসৱৰ মজিয়াৰ পৰা মাজুলীৰ বাচকবনীয়া ১০০ গৰাকী নবীন প্ৰবীণ কবিৰ কবিতাৰে সংকলিত হৈ উঠিব ৷ সেয়ে, তেওঁলোকে মাজুলীৰ ভিতৰে বাহিৰে থকা প্ৰতি গৰাকী মাজুলীপ্ৰাণ কবি, সাহিত্যিক, সাহিত্য সংগঠক, কবিতা অনুৰাগীৰ পৰা পাৰিপাৰ্শ্বিক কবিতা (eco-poem) বিচাৰি গোহাৰি জনাইছে ৷ নিৰ্দিষ্ট ১০০ জনৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা ন-পুৰণি কবিসকলে এটা নিৰ্দিষ্ট পৰিমাণৰ বৰঙনি দিলেহে যে এই সমূহীয়া প্ৰচেষ্টাটো সাফল্যমণ্ডিত হৈ উঠিব সেয়াও বিবেচনা কৰিব লাগিব বুলি উদ্যোক্তাসকলে জনাইছে ৷ অসমীয়া কবিতাৰ নতুন ধাৰা পাৰিপাৰ্শ্বিক কবিতাৰে প্ৰকাশ হ’ব লগা সংকলনখনিত কবিতা প্ৰকাশ কৰিবলৈ আগ্ৰহ কৰা কবি সকলক লৈ চৰাই চোং উৎসৱৰ কবিতা সংকলন উপসমিতিয়ে এটি whatsapp গ্ৰুপ খোলাৰ কথা ব্যক্ত কৰিছে ৷

বিশেষকৈ, মাজুলীৰ ন-পুৰণি কবি সকলক উক্ত গ্ৰুপটোত যোগদান কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে ৷ অচিৰেই, ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, প্ৰতিষ্ঠিত কাব্য সমালোচক ড°আনন্দ বৰমুদৈকে মুখ্য কৰি একাংশ বিশিষ্ট কবিয়ে গ্ৰুপৰ সভ্যসকলৰ উপকাৰ অৰ্থে এখনি ৱেব-সন্মিলনৰ মাধ্যমেৰে পাৰিপাৰ্শ্বিক কবিতা (eco-poem)ৰ ওপৰত বক্তৃতা দান কৰিব— য’ত সাম্প্ৰতিক সময়ত eco-poem ৰ প্ৰাসংগিকতা কি তথা ইয়াৰ লিখন শৈলী, বিষয় বাচনি কেনে হোৱা উচিত ইত্যাদি বহুমূলীয়া দিশবোৰ অৱলোকন হ’ব ৷ চৰাই চোং উৎসৱত প্ৰকাশ হ’ব লগা কবিতা সংকলনখনিৰ বাবে একোটাকৈ পাৰিপাৰ্শ্বিক কবিতা 9864185856 (অনিৰ্বাণ দত্ত), বা 6002442571 (যুগল হাজৰিকা)ৰ হোৱাটছএপ নম্বৰলৈ ২০ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰেৰণ কৰিবলৈও আয়োজক সমিতিয়ে আগ্ৰহী কবিসকলক আহ্বান জনাইছে ৷

Leave A Reply