Breaking

সোণতলীত দ্বিতীয়টো বানৰ ভয়ংকৰ ৰূপ : ওখ মথাউৰিত আশ্ৰয় নৈপৰীয়া ৰাইজৰ ৷

0 1,204

সোণতলী : এফালে কোৰোনাৰ আতংক আনফালে ৰাজ্যত বানৰ বিভীষিকা৷ বানে শংকিত কৰি তুলিছে ৰাজ্যৰ বানপীড়িত ৰাইজক৷ লকডাউন চলি থকা মাজতে কিছুদিন পূৰ্বে হৈ যোৱা বানপানীত নৈপৰীয়া ৰাইজক জুৰুলা কৰিছে৷ কৃষকে উৎপাদন কৰা সামগ্ৰীবোৰ পথাৰতে গেলি পচি গৈছে৷ ইপিনে কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ উফন্দি উঠাত‌ নৈপৰীয়া ৰাইজ বানত ককবকাই আছে। ৰাজ্যখনৰ কেবাখনো জিলাত দ্বিতীয়টো বানে কালৰূপ ধাৰণ কৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত দ্বিতীয়টো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলীৰ প্ৰায় অৰ্ধশতাধিক গাঁও বানপানীৰ কৱলত পৰিছে৷ সোণতলীকে ধৰি জতিয়া দিয়া, পানীখাতী, গৰৈমাৰী বিলৰজান, বৰদিয়া নয়াপাৰা, লটুৰা দিয়া, আৰিকাটি, কাছাৰিপাম, পল্লিমংগল, চতুৰাপাৰা, ডেকাচাং দক্ষিণ ডেকাচাং, মালিবাৰী, মন্দিৰা, নতুন কাঠমী, নিজ কাঠমী, কিচমত কাঠমী, জাওকাটা দিয়া, বটিয়ামাৰী, দুৰামাৰী আদি কৰি প্ৰায় অৰ্ধশতাধিক গাঁও বানপানীৰ কৱলত পৰাত কৃষি ভুমি আৰু মৎস পালকৰ যথেষ্ট ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, বানপানীয়ে কালৰূপ ধাৰণ কৰাত সপোনৰ ঘৰখন এৰি ওখ ঠাই, শিবিৰ আৰু আন কিছুমানে মথাউৰিত আশ্ৰয় ল’ব লগা হৈছে৷ কৃষক সকলৰ হাজাৰ হাজাৰ বিঘা ধান, মৰাপাট, কুঁহিয়াৰৰ লগতে বিভিন্ন ধৰণৰ শাক-পাঁচলিৰ খেতি সম্পূৰ্ণ বানপানীৰ কৱলত পৰিছে৷ আনহাতে খাদ্যৰ অভাৱত কৃষকসকলৰ বহু পশুধনৰ মৃত্যু হৈছে উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে৷ ইতিমধ্য কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ লুইতৰ বুকুত জাহ গৈছে বুলি স্থানীয় ৰাইজে জনাইছে৷ স্মৰ্তব্য যে, বানপানীত নৈপৰীয়া সকলে দুবাৰকৈ ৰদ বৰষুণ নেওচি মথাউৰিত আশ্ৰয় লৈ থকাৰ পিছতো স্থানীয় বিধায়িকা নন্দিতা দাসে বানপিড়ীত মানুহবোৰৰ খবৰ এটা লবলৈ সময় নাপালে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ ইপিনে খাদ্যৰ অভাৱত যাতে পশুধনৰ মৃত্যু নহয় তাৰ বাবে অচিৰেই খাদ্য সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে বান বিধস্ত নৈপৰীয়া ৰাইজে ৷

Leave A Reply