Breaking

সোমবাৰৰ পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

0 53

২০ নবেম্বৰৰ পৰা ২২ নবেম্বৰলৈ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ চিকিৎসালয় সমুহত চলিব স্বাস্থ্য সেৱাৰ মূল্যায়ন ।

কামৰূপ জিলা তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত মূল্যায়ক হিচাপে উপস্থিত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ।

স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ক হিচাপে উপস্থিত থাকি সঞ্চালক প্ৰধানগৰাকীয়ে পৰ্যবেক্ষণ কৰিলে চিকিৎসালয় খনত থকা সা সুবিধাসমুহ।

এনে গুণগত মান নিৰ্ণায়ক উৎসৱে স্বাস্থ্য সেৱাৰ মান উন্নত কৰি জনসাধাৰণক উপকৃত কৰিব বুলি আশা প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ।

একে সময়তে চিকিৎসালয় খনিৰ নিৰ্মিয়মান চৌহদ পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

অহা বছৰত আৰম্ভণিতেই চিকিৎসালয়খনৰ নতুন চৌহদ মুকলিৰ কথাও অবগত কৰে জি পি সিঙে।

Leave A Reply