Breaking

ইটালীত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব অনুষ্ঠান…

0 35

মুম্বাইৰ পিছত এইবাৰ ইটালীত কঠোৰ নিৰাপত্তাৰ মাজত আম্বানী পুত্ৰ অনন্ত আম্বানীৰ দ্বিতীয় প্ৰি-ৱেডিং অনুষ্ঠান। মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহপূৰ্ব অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল মুম্বাইত। সেই অনুষ্ঠানে সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল। মুম্বাইত আয়োজিত এই বৃহৎ অনুষ্ঠানত দেশ আৰু বিদেশৰ চেলিব্ৰিটিসকল উপস্থিত আছিল। আকৌ এবাৰ আম্বানী পৰিয়ালে বিবাহৰ পূৰ্বৰ দ্বিতীয়টো বিশাল অনুষ্ঠান উদযাপন কৰিবলৈ ওলাইছে। কিন্তু এইবাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান দেশৰ মাটিত নহয়, ইটালীত অনুষ্ঠিত হ’ব। জানিব পৰা মতে ২৯ মে’ৰ পৰা ১ জুনলৈ চিচিলিত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব অনুষ্ঠান অনুষ্ঠিত হ’ব। অৱশ্যে, সকলো অনুষ্ঠান কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’ব। কেমেৰাৰ ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থাকিব।

আম্বানী পৰিয়ালে অতি ঘনিষ্ঠ লোকসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব। লক্ষ্যণীয় যে এই বিবাহপূৰ্ব অনুষ্ঠানৰ পিছত অনন্ত আৰু ৰাধিকাই বিবাহপাশত আৱদ্ধ হ’ব। জনা গৈছে যে মুকেশ আম্বানী আৰু নীতা আম্বানী এই অনুষ্ঠানত উপস্থিত থাকিব। অনন্তৰ ভাতৃ আকাশ আম্বানীয়েও ইটালীৰ উক্ত অনুষ্ঠানত থাকিব । অনুষ্ঠানলৈ মুঠ ৩০০ জন লোকক আমন্ত্ৰণ জনোৱা হ’ব। ভাৰতীয় চেলিব্ৰিটিসকলৰ লগতে বিদেশী তাৰকাসকলো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব। সূত্ৰ অনুসৰি শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালক বিবাহপূৰ্ব উদযাপনৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব। চলমান খানো আমন্ত্ৰণকাৰীৰ তালিকাত থাকিব।

অনুষ্ঠানটোত ৰণবীৰ-আলিয়া, ৰণবীৰ-দীপিকা, নিক-প্ৰিয়ংকা, সিদ্ধাৰ্থ-কিয়াৰা যুটিও উপস্থিত থাকিব। অৱশ্যে, অনুষ্ঠানত আন কোন কোন বিদেশী তাৰকা উপস্থিত থাকিব সেয়া এতিয়াও জনিব পৰা হোৱা নাই। আম্বানী পৰিয়ালে ইতিমধ্যে এই অনুষ্ঠানৰ আয়োজন আৰম্ভ কৰিছে। জুনৰ আৰম্ভণিতে অনন্ত আৰু ৰাধিকাৰ বিয়া হ’ব বুলি ধাৰণা কৰা হৈছে। বিদেশত প্ৰাক-বিবাহৰ পিছত মুম্বাইত বিয়াখন অনুষ্ঠিত হ’ব।

Leave A Reply