Breaking

খৈৰাবাৰী সাহিত্য সভাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচনেৰে অধিবেশন সম্পন্ন; সংস্কৃতিৰ বিৰুদ্ধে সংস্কৃতি সৃষ্টি হ’ব নোৱাৰেঃ বেংক বিষয়া শৰৎ চন্দ্ৰ ডেকা

0 58

ওদালগুৰি জিলাৰ খৈৰাবাৰী বিশিষ্ট শাখা সাহিত্য সভাৰ ৩০ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন খনি এদিনীয়াকৈ ২২ জানুৱাৰীত সাহিত্য সভাৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়৷ অধিবেশনৰ লগত সংগতিৰাখি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰি সভাপতি ফজলুল হক চৌধুৰীয়ে,স্মৃতি তৰ্পন কৰে অৱসৰী প্ৰধান শিক্ষক ফটিক চন্দ্ৰ ডেকাই৷

বিষয় বাচনি সভা মুকলি কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উত্তম কলিতাই৷ মুকলি সভা উদ্বোধন কৰে উদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পৱিত্ৰ শৰ্মাই৷ মুকলি সভাত খৈৰাবাৰী সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰে খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন মহলীয়াই৷

বিশিষ্ট লেখক পুনুৰাম কলিতাৰ গ্ৰন্থ পুৰাণৰ ৰহঘৰা উন্মোচন কৰে নামখলাৰ দ্বীপেন চহৰীয়া কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ সীতাৰাম ঠাকুৰীয়াই, ৰাম সৰস্বতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীন চলিহাই “নিবন্ধ সৌৰভ’’ উন্মোচন কৰে৷ উপকাৰীক “অজগৰে খায়’’ নামৰ গ্ৰন্থ খন উন্মোচন কৰে খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি ফজলুল হক চৌধুৰীয়ে৷ গ্ৰন্থ উন্মোচক অৱসৰী কৃতি অধ্যক্ষ সীতাৰাম ঠাকুৰীয়াই কয় যে বৰ্তমানেও গ্ৰন্থ পঢ়ুৱৈ আৰু গ্ৰন্থ লেখকৰ সংখ্যা কমা নাই৷ লগতে উন্মোচক ঠাকুৰীয়াই কয় যে খৈৰাবাৰী সাহিত্য সভাই নতুন নতুন লেখক লেখিকাৰ সৃষ্টি কৰিছে৷

নিজ প্ৰাক্তন ছাত্ৰ গ্ৰন্থকাৰ পুনুৰাম কলিতাৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই অৱসৰী শিক্ষক ঠাকুৰীয়াই আনন্দিত হৈছে৷  সাংস্কৃতিক কৰ্মী তথা অৱসৰী বেংক বিষয়া শৰৎ চন্দ্ৰ ডেকাই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে থাকি কয় যে “সাহিত্যত সংঘাত হ’ব নালাগে৷ আনৰ সাহিত্যক বেয়া পোৱাটো উচিত নহয়৷ যেনেদৰে সংস্কৃতিৰ বিৰুদ্ধে সংস্কৃতি সৃষ্টি হ’ব নোৱাৰে৷ সংস্কৃতিৰ বিৰুদ্ধে সংঘাত হ’লে দুস্কৃতি হয় ৷’’

উল্লেখ্য যে, আগন্তুক ২০২৩ ২০২৫ বৰ্ষৰ বাবে জয়মতী ডেকাক সভাপতি, গজেন হাজৰিকাক উপসভাপতি, প্ৰনৱ শৰ্মাক সাধাৰণ সম্পাদক, সান্তো দাসক সহকাৰী সম্পাদক, অপূৰ্ব শৰ্মাক পত্ৰিকাসম্পাদক, পুৱাৰাম ডেকাক সাংস্কৃতিক সম্পাদক, জিলা প্ৰতিনিধি হিচাপে দিলীপ বৰুৱাকলৈ ১৭ জনীয়া  খৈৰাবাৰী সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয়৷

Leave A Reply