Breaking

মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াত হাজাৰ হাজাৰ লোকৰ নিন্দ্ৰা হৰণ ! বাংৰীচৰত ভয়ংকৰ খহনীয়া…

0 79

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাথো ২ দুই কিলোমিটাৰ নিলগত থকা অতি পুৰণি গাওঁ বাংৰীচৰ আৰু নেৱাজেচপুৰ। যোৱা ৫ দিন ধৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ প্ৰবল সোতত ব্যাপক হাৰত খহনীয়া আৰম্ভ হোৱাত বহু সাধাৰণ মানুহৰ ঘৰ বাৰীৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নদীৰ গৰ্ভত বিলীন হৈ আছে প্ৰতিদিনে। কিন্তু কোনো ধৰণৰ কানসাৰ নাই সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগৰ।

প্ৰতিদিনে খহনীয়াৰ তাণ্ডৱ চলাত অঞ্চলটোৰ গাৱৰ মানুহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেকৈ যদি বক্ষ্মপুত্ৰৰ গৰাখহনীয়া চলি থাকে তেন্তে অহা দুবছৰত জিলাৰ মুখ্যম মুখ্যম বিভাগ যেনে জিলা আয়ুক্তক কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু বিভিন্ন বিভাগৰ কাৰ্যালয় আদি নদীৰ গৰ্ভত বিলীন হব সেয়া নিশ্চিত । সময় থাকোতেই যদি জিলা খনৰ স্বাৰ্থত চৰকাৰে বিজ্ঞান সন্মত আঁচনি ৰূপায়নৰ ব্যৱস্থা নকৰে তেন্তে এটা সময়ত সম্পূৰ্ণ জিলা খন মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত বিলীন হব আৰু অসমৰ পৰা জিলা খনৰ মানচিত্ৰ নাইকীয়া হব ।

যোৱা ১৯৯৬ চনৰ পৰা বৰ্তমানলৈ জিলা খনৰ চাৰি ভাগৰ ২ দুভাগ ঠাই নদীৰ গৰ্ভত বিলীন হল যাৰ ফলত ৪ লাখ লোক নিজৰ ঘৰ বাৰীৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি হেৰুৱাই সৰ্বহাৰা হৈ লোক সকলে ৰাজ্যৰ বিভিন্ন ঠাইত বসবাস কৰাৰ উপৰিও আজিও বহু দুখীয়া লোকে নিজৰ আৰ্থিক অনাটনৰ বাবে বেলেগৰ মাটি ভাড়াত লৈ বহু কষ্টৰ মাজত দিন কটাব লগা হৈছে। গতিকে জিলা খনৰ বিভিন্ন দল সংগঠন, সচেতন মহল আৰু নৈপৰীয়া ৰাইজে অসম চৰকাৰক অনতি পলমে গৰাখহনীয়া ৰোধ কৰিবলৈ দাবী জনায়।

Leave A Reply